NORTHEAST NOW (Assamese)
অসম

জাগীৰোড শাখা সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হৈ যায় এক মনোগ্ৰাহী সাহিত্যানুষ্ঠান

Posted by: চানু গগৈ Updated by: চানু গগৈ December 3, 2020 10:05 am
index.jpgx

লক ডাউনৰ সময়ৰ অভিজ্ঞতা, অুনুভৱ আৰু উপলব্ধিৰে জাগীৰোডত অনুষ্ঠিত হয় এক ব্যতিক্ৰমী সাহিত্যানুষ্ঠান।

এই সাহিত্যানুষ্ঠানতে জাগীৰোড শাখা সাহিত্য সভাৰ উদ্যোগত সভাৰ আজীৱন সভ্য আৰু হিতৈষী সভ্যক আনুষ্ঠানিকভাবে আদৰণি আৰু সভাৰ প্ৰমাণ প্ৰত্ৰ বিতৰণৰ কৰা হয়।

জাগীৰোড শাখা সাহিত্য সভাৰ উদ্যোগত অসম সাহিত্য সভাৰ আজীৱন সভ্য আৰু হিতৈষী সভ্যৰ প্ৰমাণ প্ৰত্ৰ বিতৰণ আৰু সম্বৰ্ধনা অনুষ্ঠানটোত সভাপতিত্বত শাখা সাহিত্য সভাৰ সভাপতি হৰমোহন কলিতাই৷

গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসমৰ বিশিষ্ট কবি সাহিত্যিক তথা ‘শব্দৰত্ন’ বঁটা প্ৰাপক মৰিগাঁও জিলাৰ আৰক্ষী অধিক্ষক ড° নন্দ সিং বৰকলাৰ লগতে মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি মিলেশ্বৰ পাটৰ, জাগীৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ড° ভবেন চন্দ্ৰ নেওগ।

আনহাতে বিশিষ্ট কবি তথা গ্ৰন্থ প্ৰকাশক অজিত কুমাৰ ৰায়ৰ লগতে সাহিত্যনুৰাগী লোকসকল উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷

জাগীৰোড শাখ’ সাহিত্য সভাৰ সম্পাদক ড° দীপকজ্যোতি বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত সাহিত্য চৰ্চাৰ লগত জড়িত থকা দীপক কলিতা, মনিকা ডেকা, বিজয় দত্ত, কাশ্মীৰী শইকীয়া আদি কৰি কেইবাজনো ব্যক্তিক অসম সাহিত্য সভাৰ তৰফৰ পৰা আজীৱন সভ্য প্ৰমাণ প্ৰত্ৰ প্ৰদান কৰাৰ লগতে ফুলাম গামোচাৰে আদৰণি জনোৱা হয়৷

মনোগ্ৰাহী অনুষ্ঠানটোত কবি, সাহিত্যিকসকলে বিগত লকডাউনৰ সময়ৰ অভিজ্ঞতা, অনুভৱ আৰু উপলব্ধিৰ বিষয়ে আলোকপাত কৰি অনুষ্ঠানটোক জীপাল কৰি তোলে।