NORTHEAST NOW (Assamese)
অসম

জাজৰিৰ শিমলুতলত যুৱক আটক; ঘৰৰ পৰা পিষ্টল উদ্ধাৰ

Posted by: মিণ্টু দাস September 30, 2018 10:18 pm
Nagaon person arrested

নগাঁৱৰ জাজৰি আৰক্ষীৰ এক সফল অভিযানত আজি পিষ্টলসহ এজন যুৱক আটক কৰা হয়। ধৃত যুৱকজনক স্থানীয় মাজগাঁৱৰ গুণীন শৰ্মা বুলি চিনাক্ত কৰা হৈছে।

প্ৰাপ্ত তথ্য মতে এক গোপন সূত্ৰৰ পম খেদি জাজৰি আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকীৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে আজি বিয়লি ২.৩০ মান বজাত শিমলুতল চাৰিআলিৰ পৰা যুৱকজনক আটক কৰে। ইয়াৰ পিছতে ধৃত যুৱকজনৰ ঘৰৰ পৰা আৰক্ষীয়ে এটা পিষ্টলসহ এখন চুৰিকে ধৰি চোকা অস্ত্ৰও উদ্ধাৰ কৰে।

ঘটনা সম্পৰ্কত জানিৱ পৰা অনুসৰি গোপন খবৰৰ ভিত্তিত আজি প্ৰায় এসপ্তাহ ধৰি যুৱকজনৰ ওপৰত আৰক্ষীয়ে চোকা নজৰ ৰাখিছিল৷ অভিযোগ মতে, মাজ জাজৰিৰ ধৃত গুণীন শৰ্মা পূৰ্বতেও অপৰাধমূলক কাৰ্যৰ সৈতে জড়িত আছিল।

বৰ্তমান আৰক্ষীয়ে ধৃত যুৱকজনক জাজৰি আৰক্ষী থানাত মাৰাথান জেৰা চলাই আছে বুলি জানিব পৰা গৈছে।