NORTHEAST NOW (Assamese)
অসম

অৱশেষত নতুন ৰজা নিৰ্বাচনেৰে টুক্ৰেশ্বৰী দেৱালয়ত অনুষ্ঠিত হ’ল ৰাজ অভিষেক!

Posted by: নীলমণি শৰ্মা September 30, 2018 10:19 pm
tukeswari temple

গোৱালপাৰা জিলাৰ বান্দৰৰ ৰাজখ্যাত ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত আজি এক উদুলিমুদুলি পৰিৱেশ। কিয়নো সম্পুৰ্ণ ৰজা দিনীয়া পৰম্পৰাৰে দেৱালয়ত আজি ৰাজ অভিশেষ পাতি বান্দৰৰ নতুন ৰজা নিৰ্বাচন কৰা হয়।

উল্লেখযোগ্য যে ১৭ শতিকাৰ শেষৰফালে বিজনীৰ ৰজা কুমুদ নাৰায়ণে স্থাপন কৰা দিনৰে পৰা টুক্ৰেশ্বৰী দেৱাললয়খনৰ কপিকুল কপি ৰাজৰ দ্বাৰা পৰিচালিত হৈ আহিছে।

বিগত ৬ মাহে সন্ধান নাছিল পূৰ্বৰ কপি ৰাজৰ। পঢ়ক এই বাতৰি।

কিন্তু বিগত ছয় মাহ ধৰি দেৱালয়ৰ কপি ৰজা সন্ধানহীন হৈ আছিল। নিৰ্দিষ্ট সময়ৰ ভিতৰত কপি ৰাজক দেখা নোপোৱাত কপি ৰাজৰ মৃত্যু হোৱা বুলি ধৰি নতুন ৰজা পতাৰ সিদ্ধান্ত গ্ৰহন কৰে দেৱালয় পৰাচালনা সমিতিয়ে।

ইয়াৰ পৰিপ্ৰেক্ষিতত আজি পুৱাৰ পৰাই এক উদুলি মুদুলি পৰিৱেশৰ মাজেৰে ঐতিহাসিক টুক্ৰেশ্বৰী দেৱালয়ত আয়তিৰ উৰুলি আৰু শংখ ধ্বনিৰে কেইবা শতাধিক ভক্তপ্ৰাণ ৰাইজৰ উপস্থিত অনুষ্ঠিত হয় বান্দৰৰ ৰাজ অভিশেষ। এক ঐতিহাসিক ঘটনাৰ আজি সাক্ষী হৈ ৰল বহুজন।

উল্লেখযোগ্য যে প্ৰায় ২৫ বছৰৰ পিছত টুক্ৰেশ্বৰী দেৱালয়ত এই ৰাজ অভিশেষ অনুষ্ঠিত হল।