NORTHEAST NOW (Assamese)
অসম

জাতিৰ সংকটৰ সময়ত জাতিটোক বাট দেখুৱাব খোজো : লুৰীণজ্যোতি গগৈ

Posted by: চানু গগৈ Updated by: চানু গগৈ December 4, 2020 3:20 pm

জাতীয় সংকটৰ সময়ত অসমীয়া জাতিক এটা বাট দেখুৱাই আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰাম, সমাজত ন্যায় প্ৰতিষ্ঠাৰ সংগ্ৰাম আৰু এই সমগ্ৰ সংগ্ৰামখনত এগৰাকী যোদ্ধা হিছাপে আগবাঢ়ি যোৱাৰ সংকল্পৰে আজি জাগীৰোডত সংবাদ মাধ্যমৰ আগত উদাক্ত কণ্ঠৰে ঘোষণা কৰে আছুৰ সদ্য বিদায়ী সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে।

বিদায়ী আছু নেতাগৰাকীয়ে লগতে কয় যে, সমগ্ৰ সংগ্ৰাম খনতে এগৰাকী যোদ্ধা হিছাপে আগবাঢ়ি যোৱাৰ উপৰি আপোচবিহীন অসমীয়া জাতীয় জীৱনত স্বাভাবিমানী সত্তাৰ আদৰ্শৰে পৰিপুষ্ট হৈ সেই অংগীকাৰ আৰু সংকল্প লৈ এখন বৰ অসম গঢ়িব বিছাৰিছো।

এই সংগ্ৰামৰ পথ বৰ মশৃন নহয় যদিও ইমান কঠিনো ন’হয় বুলি দোহাৰি প্ৰাক্তন ছাত্ৰ নেতগৰাকীয়ে গণ জীৱনৰ আত্মপ্ৰতিষ্ঠাৰ সংগ্ৰামখনত সকলোকে একত্ৰিত হৈ সাম্প্ৰদায়িকতাৰ বিষবাস্প বিয়পোৱা শক্তিক ওফৰাই জাতীয়তাবাদী সত্তাক আগুৱাই নিবলৈ আহ্বান জনায়।

মন্ত্ৰী পীয়ুষ হাজৰিকাই প্ৰাক্তন আছুৰ সম্পাদকগৰাকীৰ বিৰোদ্ধে কৰা কটু মন্তব্যৰ বিষয়ে সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত আছু নেতাগৰাকীয়ে কয় যে জাতীয়তাবোধ নথকা ব্যক্তিয়েহে তেনে তুলুঙা মন্তব্য দিয়ে জাগীৰোড সমষ্টিৰ পৰা আগন্তুক সময়ত কোন জয়ী হয় সেয়া জাগীৰোড সমষ্টিবাসীয়েহে ঠিৰাং কৰিব।

উল্লেখ যোগ্য যে, আছুৰ প্ৰাক্তন সাধাৰণ সমম্পাদক লুৰীণজ্যোতি গগৈক আজি জাগীৰোড অঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত মৰিগাঁও জিলা ছাত্ৰ সন্থাই জাগীৰোডত বিদায় সম্বৰ্ধনা জনায়।

সম্বৰ্ধনা অনুষ্ঠানত জাগীৰোড, জাগীভকতগাঁও আঞ্চলিকৰ ভালেসংখ্যক আছু নেতা কৰ্মী উপস্থিত থাকে।