NORTHEAST NOW (Assamese)
অসম

সৰ্বদলীয় বৈঠকত প্ৰধানমন্ত্ৰী মোদী— কেইসপ্তাহ মানৰ ভিতৰতে দেশবাসীয়ে লাভ কৰিব ভেকচিন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 4, 2020 3:12 pm
a Modi-All-Party

দেশত ক’ৰ’ণা সংক্ৰমণৰ ছবি খন লাহে লাহে ভালৰ দিশলৈ আহিবলৈ লৈছে যদিও দিল্লীকে ধৰি কেইবাখনো ৰাজ্যত ক’ৰ’ণাৰ দ্বিতীয়টো ঢৌ অহা পৰিলক্ষিত হৈছে।

এনে সময়তে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ক’ৰ’ণা সম্পৰ্কত আলোচনা কৰিবলৈ এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰে।

দেশৰ প্ৰধান প্ৰধান ৰাজনৈতিক দল সমূহৰ লোকসভা আৰু ৰাজ্যসভাৰ সাংসদে অংশগ্ৰহণ কৰা বৈঠকত মোদীয়ে কয় যে আৰু মাত্ৰ কেইটামান সপ্তাহ অপেক্ষা কৰাৰ পিছতে দেশবাসীয়ে ক’ৰ’ণাৰ ভেকচিন লাভ কৰিবলৈ সক্ষম হ’ব।

ভাৰতত ক’ৰ’ণাৰ ৮ টাকৈ ভেকচিনৰ পৰীক্ষণ চলি আছে বুলি মন্তব্য কৰি মোদীয়ে কয় যে বিজ্ঞানীসকলে ভেকচিন ব্যৱহাৰৰ সেউজ সংকেত দিলেই ক’ৰ’ণা যোদ্ধা, বৃদ্ধ লোক,ক্ৰনিক ৰোগত আক্ৰান্ত লোক,চিকিৎসক,নাৰ্চ আদিক প্ৰথম পৰ্যায়ত অগ্ৰাধিকাৰৰ ভিত্তিত ক’ৰ’ণাৰ ভেকচিন প্ৰদান কৰা হব।

তেওঁ লগতে কয় যে ক’ৰ’ণাৰ সস্তা দৰৰ কাৰ্যকৰী ভেকচিনৰ বাবে বিশ্ববাসীয়ে এতিয়া ভাৰতৰ বিজ্ঞানীসকললৈ আশাৰে বাট চাই আছে।

ভাৰতে যিহেতু ভেকচিন প্ৰদানৰ ক্ষেত্ৰত ইতিমধ্যে অভিজ্ঞতা অৰ্জন কৰি থৈছে সেয়ে কোভিচৰ ভেকচিন প্ৰদানৰ ক্ষেত্ৰত কোনো অসুবিধা নহব বুলি তেওঁ উল্লেখ কৰে।

আজিৰ সৰ্বদলীয় বৈঠকত অংশগ্ৰহণ কৰে কংগ্ৰেছৰ গোলাম নবী আজাদ আৰু অধীৰ ৰঞ্জন চৌধুৰী, তৃণমূল কংগ্ৰেছৰ সুদীপ বন্দোপাধ্যায়,ডিএমকেৰ সাংসদ টিআৰ বালু,জেডিএছৰ এইছ ডি দেৱেগৌড়া আদি সাংসদসকল।

বৈঠকত সাংসদসকলক কোনো কথা কোৱাৰ সুবিধা দিয়া হোৱা নাছিল যদিও মোদীয়ে কাৰোৱাৰ কিবা ক’বলগীয়া থাকিলে লিখিত ৰূপত প্ৰদান কৰিবলৈ আহ্বান জনায়।