NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত কোভিডৰ সংক্ৰমণত মৃত্যু হোৱা লোকৰ সংখ্যা ৯৮৭ গৰাকীলৈ বৃদ্ধি; মুঠ আক্ৰান্ত ২১৩৫০৫ গৰাকী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 4, 2020 8:44 pm

অসমত আজি পুনৰ দুগৰাকী কোভিড আক্ৰান্ত ব্যক্তিৰ মৃত্যু হয়। স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰযোগে এই কথা প্ৰকাশ কৰে।

ইয়াৰ ফলত অসমত কোভিডৰ সংক্ৰমণৰ ফলত মৃ্ত্যু হোৱা লোকৰ সংখ্যা ৯৮৭ গৰাকীলৈ বৃদ্ধি পায়।

আজি মৃত্যু হোৱা ব্যক্তি দুগৰাকী হৈছে ক্ৰমে- ডিব্ৰুগড়ৰ বিবেকা ৰাজখোৱা(৯৩) আৰু শিৱসাগৰৰ ৰুমি চেলেং(৬৫)।

আনহাতে, আজি অসমত নতুনকৈ ১৬৯ গৰাকী লোক কোভিড সংক্ৰমিত হয়। কামৰূপ মহানগৰ জিলাত সৰ্বাধিক ৬১ গৰাকী লোক প’জিটিভ হয়।

অসমত বৰ্তমানলৈ ২১৩৫০৫ গৰাকী লোক কোভিড ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে।

ইপিনে, আজি ১২১ গৰাকী লোকক চিকিৎসালয়ৰ পৰা কোভিড মুক্ত ঘোষণা কৰি ঘৰলৈ যাবলৈ দিয়া হয়।

অসমত ইয়াৰ ফলত কোভিডৰ পৰা আৰোগ্য লাভ কৰা লোকৰ সংখ্যা ২০৮৯৬৪ গৰাকীলৈ বৃদ্ধি পায়।

বৰ্তমান ৰাজ্যত ৩৫৫১ গৰাকী সক্ৰিয় কোভিড ৰোগী আছে।

ৰাজ্যত আৰোগ্যৰ হাৰ হৈছে ৯৭.৮৭ শতাংশ।