NORTHEAST NOW (Assamese)
অসম

‘এইবাৰ ৰাইজ নাচোৰবান্দা, হিমন্ত বিশ্ব শৰ্মাক জালুকবাৰীৰ পৰা খেদাই দিব’ : কংগ্ৰেছ প্ৰাৰ্থী ৰমেন বৰঠাকুৰৰ দাবী

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 18, 2021 3:36 pm

‘জালুকবাৰী সমষ্টিত এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ঢৌ বলিছে। হিমন্ত বিশ্ব শৰ্মাৰ কোনো জনপ্ৰিয়তা নাই, তেওঁ অসমৰ চাৰিওফালে জনপ্ৰিয়তা কিনিবলৈ যায়।‘ জালুকবাৰী সমষ্টিৰ পৰা থিয় দিয়া কংগ্ৰেছ মহাজোঁটৰ প্ৰাৰ্থী ৰমেন বৰঠাকুৰে মনোনয়ন দাখিলৰ পূৰ্বে নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত এনেদৰে দাবী কৰিছে।

হিমন্ত বিশ্ব শৰ্মাৰ হৈ প্ৰচাৰ চলাবলৈ আৰু মনোনয়ন দাখিল কৰিবলৈ ৭ খন বিজেপি শাসিত ৰাজ্যৰ মুখ্যমন্ত্ৰী আহিব বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘মনোনয়ন দাখিল কৰিবলৈ প্ৰাৰ্থীৰ সৈতে দুজনহে যাব পাৰে। ইয়াত ৭ গৰাকী মুখ্যমন্ত্ৰী অহাৰ কি প্ৰশ্ন আছে? তেওঁৰ জনপ্ৰিয়তা ইমানেই হ্ৰাস পাইছে নে যে ৭ গৰাকীকৈ মুখ্যমন্ত্ৰী প্ৰচাৰ চলাবলৈ আহিবলগীয়া পৰিস্থিতি হৈছে।

ইপিনে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদায় চমক সৃষ্টি কৰিব খোজে বুলি দাবী কৰি তেওঁ লগতে কয় ‘এইবাৰ ৰাইজ নাচোৰবান্দা, হিমন্ত বিশ্ব শৰ্মাক জালুকবাৰীৰ পৰা খেদাই দিব। বস্ত্ৰ নগৰী শুৱালকুছি ধ্বংস কৰিলে হিমন্ত বিশ্ব শৰ্মাই। ১ লাখ শিপিনী থকা বস্ত্ৰ নগৰীত তেওৰ মতে মাত্ৰ ১০ হাজাৰহে শিপিনী আছে। এইবাৰ ৰাইজে সিদ্ধান্ত লৈ কৈছে আমাক ইয়াৰ স্থায়ী সমাধান লাগে।‘

বৰঠাকুৰৰ মতে ‘জালুকবাৰী সমষ্টিৰ মনত এটাই আশা ‘হে ইশ্বৰ আমাক এই ব্যক্তিৰ পৰা উদ্ধাৰ কৰা।‘

ইপিনে, জালুকবাৰী সমষ্টিৰ যুঁজখন কংগ্ৰেছ বনাম বিজেপিৰ হ’ব বুলি তেওঁ উল্লেখ কৰি লগতে কয় ‘এই যুঁজ হিমন্ত বিশ্ব শৰ্মা বনাম ৰমেন বৰঠাকুৰ নহয়।‘