NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট কবি,সাহিত্যিক জয়ৰাম নাথৰ মৃত্যুত মৰিগাঁৱত শোকৰ ছাঁ

Posted by: চানু গগৈ Updated by: চানু গগৈ December 5, 2020 5:30 pm
a jayram

মৰিগাঁও জিলাৰ হাতীপাত শিমলুগুৰি নিবাসী তথা মৰিগাঁও জিলাৰ বিশিষ্ট কবি জয়ৰাম নাথ আজি পুৱা ৬ বজাত নিজা বাসভৱনত বাদ্ধৰ্ক্যজনিত কাৰণত মৃত্যু হয়।

১৯৩৭চনৰ ৬ ডিচেম্বৰত মৰিগাঁও জিলাৰ  হাবিবৰঙাবাৰীত জন্ম গ্ৰহণ কৰা নাথে ৮৪ বছৰ বয়সত পত্নী, পুত্ৰ,বোৱাৰী নাতি, নাতিনী আৰু অলেখ গুণমুগ্ধক ইহসংসাৰত এৰি থৈ যায় ।

তেখেতৰ ন’খন গ্ৰন্থ প্ৰকাশৰ লগতে “সোৱণশিৰিৰ সোণচেকুৰা” ছনেট পুথি আছিল।

“কল্পদ্ৰুম” খিতাপেৰে  পৰিচয়   লাভ কৰা নাথ এগৰাকী বিশিষ্ট কবি ,সাহিত্যিক গীতিকাৰ ৰূপে সাহিত্য সভা,কবি সন্মিলনৰ লগেত বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা সমৰ্ধনা, সন্মান লাভ কৰিছিল।

লগতে  কৃৰ্তি শিক্ষক ৰূপেও সন্মান অৰ্জন কৰিছিল। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সংগঠক নাথে সদৌ অসম কবি সন্মিলনৰ প্ৰতিষ্ঠাপক সদস্য আৰু মৰিগাঁও জিলা সাহিত্য সভাৰ প্ৰতিষ্ঠাপক উপ- সভাপতি আছিল।

তেখেতৰ মৃত্যুত অঞ্চলৰ লগতে জিলা খনত গভীৰ শোকৰ ছাঁ পৰিছে।