NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত ইন্টাৰ ক্লাৱ এথেলেটিকচ চেম্পিয়নশ্বিপ ২০২০

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ December 6, 2020 6:58 am
a 20201205_184437

অসম এথেলেটিক: সন্থাৰ প্ৰশংসনীয় কাৰ্য। অসমৰ গ্ৰামাঞ্চলৰ সুপ্ত প্ৰতিভা বিকাশৰ বাবে গ্ৰহণ কৰিছে বিশেষ কাৰ্যসূচী। অসম অলিম্পিক সন্থাৰ উদ্যোগত জিলা ক্ৰীড়া সন্থাই ৰাজ্যৰ প্ৰতিখন জিলাত অনুষ্ঠিত কৰিছে এথেলেটিকছ মিট।

সেই অনুসৰি আজি শিৱসাগৰ জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত শিৱসাগৰৰ ঐতিহাসিক দৰবাৰ ফিল্ডত অনুষ্ঠিত হয় ইন্টাৰ ক্লাৱ এথেলেটিকছ চেম্পিয়নশ্বিপ।

ইন্টাৰ ক্লাৱ এথেলেটিক চেম্পিয়নশ্বিপ প্ৰতিযোগিতা উদ্ধোধন কৰে অসম অলিম্পিক সন্থাৰ সহকাৰী সম্পাদকে। নবীন  প্ৰবীণ এথেলেটিকছৰ মাজত অনুষ্ঠিত এই চেম্পিয়নশ্বিপত জিলাখনৰ প্ৰায় ২৫০ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰে।

উল্লেখ্য যে পৰৱৰ্তী সময়ত হবলগীয়া আন্তঃজিলা এথেলেটিকছ প্ৰতিযোগিতাৰ বাবে এই প্ৰতিযোগিতাৰ পৰাই খেলুৱৈ সকলক বাচনি কৰা হব বুলি জানিবলৈ দিয়ে উদ্যোক্তা সকলে।