NORTHEAST NOW (Assamese)
Popular Stories

CBSE ২০২১ৰ দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষা : কেনেকৈ লাভ কৰিব পৰীক্ষাৰ পাঠ্যক্ৰম, এডমিট আদি?

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 6, 2020 8:52 pm
941678-cbse

কিছুদিনৰ পূৰ্বে CBSE ২০২১ৰ দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষা অনুষ্ঠিত কৰা হ’ব বুলি ব’ৰ্ডে ঘোষণা কৰিছিল।

ইয়াৰ পিছতে আজি ব’ৰ্ডে CBSE ২০২১ৰ দ্বাদশ আৰু দশম শ্ৰেণীৰ পৰীক্ষাৰ পাঠ্যক্ৰম, পৰীক্ষাৰ সূচী তথা দিন আৰু প্ৰৱেশ পত্ৰ পৰীক্ষাৰ্থীয়ে কেনেকৈ লাভ কৰিব তাৰ বিষয়ে অৱগত কৰিছে।

এক সূত্ৰৰ মতে আগন্তুক বৰ্ষৰ জানুৱাৰী মাহৰ পৰাই পৰীক্ষাৰ্থীসকলে CBSEৰ অফিচিয়েল ৱেবচাইটত লাভ কৰিবলৈ সক্ষম হ’ব পৰীক্ষাৰ প্ৰৱেশ পত্ৰৰ লগতে পৰীক্ষাৰ দিন তথা সূচী।

সূত্ৰটোৰ মতে ব’ৰ্ডে দশম আৰু দ্বাদশ শ্ৰেণীৰ নিয়মীয়া আৰু অনিয়মীয়া পৰীক্ষাৰ্থীৰ বাবে পৃথকে পৃথকে প্ৰৱেশ পত্ৰ দিয়াৰ ব্যৱস্থা কৰিছে।

নিয়মীয়া পৰীক্ষাৰ্থীসকলে নিজ নিজ বিদ্যালয়ৰ পৰা পৰীক্ষাৰ প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব পাৰিব আৰু অনিয়মীয়া পৰীক্ষাৰ্থীসকলে ব’ৰ্ডৰ ৱেবচাইটৰ পৰা ডাউনল’ড কৰিব লাগিব বুলি জানিব পৰা গৈছে।

ইফালে ব’ৰ্ডৰ অফিচিয়েল ৱেবচাইটত পৰৱৰ্তী সময়ত পৰীক্ষা দিন তথা সূচী আৰু পাঠ্যক্ৰমো প্ৰকাশ কৰা হ’ব। উল্লেখ্য যে ক’ৰ’ণা মহামাৰীৰ বাবে এইবাৰ দুয়োটা পৰীক্ষাৰে পাঠ্যক্ৰম হ্ৰাস কৰা হৈছে।

ইফালে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পখ্ৰিয়াল নিশাঙ্কে অহা ১০ ডিচেম্বৰত ভিডিঅ’ কনফাৰেন্সৰ যোগে ব’ৰ্ডৰ অধীনস্থ দুয়োটা পৰীক্ষাৰ পৰীক্ষাৰ্থীৰ সৈতে বাৰ্তালাপ কৰাৰ কথা।