NORTHEAST NOW (Assamese)
অসম

উপঢৌকন লোৱাৰ অভিযোগত শীৰ্ষ বন বিষয়াক গ্ৰেপ্তাৰ চিবিআইৰ

Posted by: এন ই নাও নিউজ March 18, 2019 10:15 am
CBI raids Northeast Frontier Railway headquarters

কেন্দ্ৰীয় অনুসন্ধান সংস্থা (চিবিআই)ই পৰিৱেশ মন্ত্ৰালয়ৰ এগৰাকী বিষয়াক উপঢৌকন দিয়াৰ অভিযোগত ভাৰতীয় বন সেৱাৰ বিষয়া অসমৰ দিগন্ত গগৈৰ লগতে আন এগৰাকী শীৰ্ষ বিষয়াক গ্ৰেপ্তাৰ কৰিছে।

ভাৰতীয় বন সেৱাৰ বিষয়া দিগন্ত গগৈ অৰুণাচল প্ৰদেশৰ বন বিভাগৰ মুখ্য বন সংৰক্ষক হিচাপে নিযুক্ত হোৱাৰ বিপৰীতে গ্ৰেপ্তাৰ হোৱা আনগৰাকী বন বিষয়া তৰুণ জোহৰী প’ষ্ট ব্লেয়াৰত নিযুক্ত হৈছিল।

চিবিআইৰ বিষয়াই জানিবলৈ দিয়া মতে মন্ত্ৰালয়ৰ বিষয়াৰ এক অভিযোগৰ ভিত্তিত ২০০১ বৰ্ষৰ বনসেৱাৰ বিষয়া দুগৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে।

সংশ্লিষ্ট মন্ত্ৰালয়ৰ আমোলাগৰাকীয়ে চিবিআইৰ আগত অভিযোগ দিছিল যে গগৈৰ চাকৰিৰ তথ্য জালিয়াতিত সহায় কৰাৰ বাবে তেওঁক ২০,০০০ টকা উপঢৌকন আগবঢ়াইছিল। সংবাদ প্ৰতিষ্ঠানৰ বাতৰিত এই কথা প্ৰকাশ পাইছে।

এগৰাকী চিবিআইৰ বিষয়াই কয় যে জোহৰীয়ে পৰিৱেশ মন্ত্ৰালয়ৰ বিষয়াগৰাকীক যোগযোগ কৰি এগৰাকী মুখ্য বন সংৰক্ষক হিচাপে গগৈৰ চাকৰিৰ তথ্যত তাৰিখ সলনিত পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ অনুমোদনৰ বাবে অনুৰোধ কৰিছিল।

‘’আমি পৰিৱেশ আৰু বন মন্ত্ৰালয়ৰ বিষয়াগৰাকীৰয়ে উপঢৌকন গ্ৰহণ কৰাৰ  পাছত এক অভিযোগ পাইছিলো। চিবিআইৰ বিষয়াই জোহৰীক দিল্লীৰ পৰা আৰু গগৈক প’ৰ্ট ব্লেয়াৰৰ পৰা গ্ৰেপ্তাৰ কৰে। জোহৰীৰ দিল্লীৰ বাসগৃহত তালাচী চলাই থকা হৈছে। চিবিআইৰ আন এটা দলে গগৈৰ গুৱাহাটী আৰু পৰ্ট ব্লেয়াৰৰ বাসগৃহত তালাচী চলাইছে। আমি এটা গোচৰ ৰুজু কৰিছো আৰু তদন্ত অব্যাহত আছে,’’-চিবিআইৰ মুখপাত্ৰৰ উদ্ধৃতি দি হিন্দুস্তান টাইমছে এই কথা প্ৰকাশ কৰিছে।

শনিবাৰে শেষ নিশা গ্ৰেপ্তাৰ কৰা জোহৰীক দেওবাৰে মহানগৰীৰ এখন আদালতত হাজিৰ কৰোৱা হয়। আদালতে তেওঁক ১৯ মাৰ্চলৈকে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। আনহাতে, গগৈক দেওবাৰে প’ৰ্ট ব্লেয়াৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় আৰু তেওঁক সোমবাৰে দিল্লীলৈ দুদিনৰ বাবে সোধাপোছাৰ বাবে অনা হ’ব।

জোহৰী দিল্লীৰ বন বিভাগৰ বন সংৰক্ষক আছিল। চিবিআইৰ বিষয়াই জানিব দিয়া মতে জোহৰীয়ে তেওঁৰ বন্ধু তথা একে বৰ্ষৰ বিষয়া গগৈক সহায় কৰিবলৈ মন্ত্ৰালয়ৰ বিষয়াক উপঢৌকন আগবঢ়াইছিল।