NORTHEAST NOW (Assamese)
অসম

দুৰ্ঘটনাৰ ১০ দিনৰ অন্তত আৰৱ সাগৰত উদ্ধাৰ মিগ-২৯কেৰ সন্ধানহীন পাইলট নিশান্তৰ মৃতদেহ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 7, 2020 5:54 pm

২৬ নৱেম্বৰত দুৰ্ঘটনাগ্ৰস্ত হোৱা ভাৰতীয় নৌ বাহিনীৰ মিগ-২৯কে যুদ্ধ বিমানৰ সন্ধানহীন হৈ থকা পাইলট নিশান্ত সিঙৰ মৃতদেহ আজি ভাৰতীয় নৌ বাহিনীয়ে উদ্ধাৰ কৰে।

নৌ বাহিনীয়ে গোৱাৰ উপকূলৰ পৰা ৪৮ কিলোমিটাৰ দূৰত্বত আৰু সাগৰৰ ৭০ মিটাৰ গভীৰতাত ১০ দিনৰ পাছত উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

উদ্ধাৰ হোৱা পাইলট নিশান্ত সিঙৰ মৃতদেহ সম্পুৰ্ণ সামৰিক মৰ্যদাৰে পৰিয়ালৰ লোকৰ হাতত অৰ্পন কৰা হ’ব বুলি নৌ বাহিনীৰ সূত্ৰত প্ৰকাশ পাইছে।

দুৰ্ঘটনাগ্ৰস্ত যুদ্ধবিমানখনৰ অন্যগৰাকী পাইলটক দুৰ্ঘটনাৰ কিছুসময় পাছতে উদ্ধাৰ কৰা হৈছিল।

উল্লেখযোগ্য যে, ২৬ নৱেম্বৰৰ সন্ধিয়া প্ৰশিক্ষণ চলি থকাৰ সময়তে ভাৰতীয় নৌ সেনা বাহিনীয়ে ব্যৱহাৰ কৰা এখন মিগ-২৯ যুদ্ধবিমান আৰৱ সাগৰৰ ওপৰত ভাঙি পৰিছিল।

নৌবাহিনীৰ তৰফৰ পৰা এই দুৰ্ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে আৰু দুৰ্ঘটনাৰ প্ৰকৃত কাৰণ সম্পৰ্কত তদন্ত অব্যাহত ৰখা হৈছে।