NORTHEAST NOW (Assamese)
অসম

সমাজ বিকাশৰ কাৰ্য্যসূচীৰ অংশ হিচাপে ডাবৰ ইণ্ডিয়া লিমিটেডে বিদ্যালয়ত দিলে আচবাব

Posted by: প্ৰণৱ কুমাৰ দাস March 14, 2018 2:25 pm
Dabur India Ltd

ডাবৰ ইণ্ডিয়া লিমিটেডে নামৰ আয়ুৰ্বেদিক সামগ্ৰীৰ উৎপাদনকৰ্তা কোম্পানিটোৱে অসমত লোৱা সামাজিক বিকাশৰ কাৰ্য্যসূচীৰ অংশ হিচাপে তেজপুৰৰ বিদ্যালয়ত আচবাবৰ যোগান ধৰিছে। জানিব পৰামতে তেজপুৰৰ চাপাগুৰিৰ চৰকাৰী জুনিয়’ৰ বেছিক স্কুললৈ ছাত্ৰ-ছাত্ৰীৰ বাবে ডেস্ক-বেন্স আৰু শিক্ষকৰ বাবে টেবুলৰ যোগান ধৰিছে।

বিদ্যালয়খনক এখন আদৰ্শ বিদ্যালয়লৈ উন্নীত কৰাৰ প্ৰয়াস হিচাপে এয়া কৰা হৈছে বুলি ডাবৰ ইণ্ডিয়া লিমিটেডৰ সূত্ৰই জানিবলৈ দিয়ে। কোম্পানিটোৱে ইয়াৰ স্কুল ছাপ’ৰ্ট প্ৰগ্ৰামৰ অধীনত এই পদক্ষেপ লোৱা বুলি কয়।

এই উদ্দেশ্যে বিদ্যালয়খনত অনুষ্ঠিত এটা অনুষ্ঠানত কোম্পানিটোৱে ১২ যোৰ ডেস্ক-বেন্স আৰু ২ টেবুলৰ দুটা ছেট আগ বঢ়ায়। সূত্ৰটোৱে জনোৱা মতে, কোম্পানিটোৱে বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ সম্পূৰ্ণ উন্নীতকৰণ কৰিব। ইয়াৰ ভিতৰত বিদ্যালয়খনৰ অনাময় ব্যৱস্থাও আছে। জানিব পৰা মতে এই কাৰ্য্যসূচী কোম্পানিটোৰ ঔদ্যোগিক সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত লোৱা হৈছে।

উক্ত অনুষ্ঠানটোত উপস্থিতসকলৰ সন্মুখত কোম্পানিটোৰ প্ৰতিনিধি পাৰ্থ গাংগুলীয়ে প্ৰতিজনৰ বাবেই শিক্ষাৰ গুৰুত্ব অনস্বীকাৰ্য্য বুলি মন্তব্য কৰে। ‘আমি বিশ্বাস কৰো যে শিক্ষা হ’ল উন্নত জীৱন যাপনৰ আহিলা হোৱাৰ লগতে সমাজৰ সামগ্ৰিক বিকাশো ই নিশ্চিত কৰে। ডাবৰে বিদ্যালয়ত নামভৰ্তি কৰা শিক্ষাৰ্থীৰ সংখ্যা বৃদ্ধিত উৎসাহিত কৰাৰ লগতে স্কুল এৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমোৱাৰ বাবে প্ৰয়াস কৰিছে।’ এইদৰে কয় গাংগুলীয়ে।

কালিৰ অনুষ্টুপীয়া আনুষ্ঠানিকতাৰ মাজেৰে কোম্পানিটোৱে আচবাববোৰ স্কুল কৰ্তৃপক্ষলৈ হস্তান্তৰ কৰে। উক্ত অনুষ্ঠানটোত বালিপৰাৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া মনীষ ঠাকুৰ আৰু চাপাগুৰিৰ গাওঁ উন্নয়ন সমিতি নাৰ্গেশ্বৰ গয়াৰী উপস্থিত আছিল।

আনহাতে অনুষ্ঠানটোত উপস্থিত থকা ডাবৰ কোম্পানিটোৰ ঔদ্যোগিক সামাজিক দায়বদ্ধতাৰ মুখ্য বিষয়া এ সুধাকৰে কয় যে এই পদক্ষেপটো বিদ্যালয় কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰাৰ পিছতে গ্ৰহণ কৰা হয়। বিদ্যালয়খনক আদৰ্শ বিদ্যালয়লৈ উন্নীত কৰাই ইয়াৰ উদ্দেশ্য বুলি তেওঁ কয়।