NORTHEAST NOW (Assamese)
অসম

টীয়কত ৮৩ ৰ শ্বহীদ পোৱাল দাসক স্মৰণেৰে শ্বহীদ দিৱস পালন

Posted by: নিৰ্মলেন্দু পাঠক Updated by: নিৰ্মলেন্দু পাঠক December 10, 2020 3:30 pm

সমগ্ৰ অসমৰ লগতে আজি টীয়কতো সদৌ অসম ছাত্ৰ সন্থাৰ শিমলুগুৰি মৌজা আঞ্চলিক ছাত্ৰ আৰু যোৰহাট মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত শ্বহীদ দিৱস পালন কৰা হয়।

১৯৮৩ চনত আৰক্ষীৰ গুলীত মৃত্যুবৰণ কৰা টীয়কৰ বনাইৰ পোৱাল দাসৰ সমাধিস্থলীত আজি ছাত্ৰ সন্থাৰ কৰ্মীসকলে শ্বহীদগৰাকীৰ পৰিয়ালৰ লোক সকলৰ উপস্থিতি পোৱাল দাসক শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ লগতে শ্বহীদগৰাকীৰ সমাধিস্থলীত বন্তি প্ৰজ্বলন কৰে।
উল্লেখযোগ্য যে, শ্বহীদ পোৱাল দাসক সন্মান জনাই আজিৰ পৰা পাচ বছৰৰ পূৰ্বেই বিধায়িকাৰ উন্নয়ন পুঁজিৰ পৰা সমাধি ক্ষেত্ৰ নিৰ্মাণৰ বাবে পুঁজি অবণ্টন দিছিল যদিও আজিকোপতি সমাধিক্ষেত্ৰৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ হৈ নুঠিল।

বীৰ শ্বহীদগৰাকীৰ সমাধি ক্ষেত্ৰৰ নিৰ্মাণৰ পুঁজিৰে একাংশ স্বাৰ্থলোভী ঠিকাদাৰৰ পকেট গৰম কৰা কাৰ্য্যক তীব্ৰ সমালোচনা কৰি ছাত্ৰ সন্থাৰ কৰ্মীয়ে জনাই যে, যদি ১৪ ফেব্ৰুৱাৰী অৰ্থাৎ জাতীয় শ্বহীদগৰাকীৰ মৃত্যু বাৰ্ষিকীৰ দিনাৰ ভিতৰত সমাধিক্ষেত্ৰৰ বাকী থকা কামসমূহ সম্পূৰ্ণ নকৰে তেন্তে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ লগতে ছাত্ৰসন্থাই নিজাববীয়াকৈ ব্যৱস্থা গ্ৰহণ কৰি শ্বহীদবেদীৰ আধৰুৱা কাম সম্পূৰ্ণ কৰিব।