NORTHEAST NOW (Assamese)
Popular Stories

হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা! অসম চৰকাৰে ব্লেকলিষ্ট কৰিলে শ্যামকানু মহন্তক

Posted by: এন ই নাও নিউজ, গুৱাহাটী September 24, 2025 10:45 am

জুবিন গাৰ্গৰ মৃত্যুক লৈ নতুন নতুন ৰহস্য পোহৰলৈ আহিছে বিভিন্ন মাধ্যমেৰে। প্ৰশ্ন হয় যে শিল্পীগৰাকীৰ মৃত্যুৰ কাৰণ ঢাকিবলে এই ৰহস্যৰ অৱতাৰনা কৰা হৈছে নেকি? শেহতীয়া কৈ নৰ্থইষ্ট ফেষ্টিভেলৰ আয়োজক শ্যামকানু মহন্তসহ  সঞ্জীৱ নাৰায়ন , সিদ্ধাৰ্থ শৰ্মাক জগৰীয়া বুলি অভিযোগ উত্থাপন কৰাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত গোচৰ  ৰুজু কৰিছে।

অৱশেত ৰাইজৰ বিপুল দাবীত জুবিন গাৰ্গৰ মৃত্যুৰ বাবে জগৰীয়া শ্যামকানু মহন্তক ব্লেকলিষ্ট কৰিলে অসম চৰকাৰে,

এতিয়াৰ পৰা মহন্তই অসমত আয়োজন কৰিব নোৱাৰিব কোনো ধৰণৰ অনুষ্ঠান। আৰু চৰকাৰী পুঁজি, বিজ্ঞাপন নিদিয়ে শ্যামকানু মহন্তক বা তেওঁৰ লগত জড়িত থকা কোনো অনুষ্ঠানক প্ৰদন নকৰে চৰকাৰী সাহাৰ্য্য।

 মুখ্যমন্ত্ৰীৰ ড° হিমন্ত বিশ্ব শৰ্মাই  সামাজিক মাধ্যম এক্সত এই ঘোষণা কৰিছে।