NORTHEAST NOW (Assamese)
অসম

আহোম ৰাজবংশ ভাৰতৰ গৌৰৱ: সুব্ৰমণিয়ম স্বামী

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 17, 2020 7:36 am
subra

আহোম ৰাজবংশৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰিল দেশৰ এগৰাকী প্ৰসিদ্ধ চিন্তাবিদ তথা বিজেপিৰ সাংসদ সুব্ৰমণিয়ম স্বামী।

ৰ’টাৰেক্ট এণ্ড ইণ্টাৰেক্ট ড্ৰিষ্ট্ৰিক ৩২৪০ৰ উদ্যোগত আয়োজিত নমামী ভাৰত ৱেবিনাৰত ভাগ লৈ সুব্ৰমণিয়ম স্বামীয়ে কয় যে আহোম ৰাজবংশ ভাৰতৰ গৌৰৱ।

আহোম সকলেই মহা পৰাক্ৰমেৰে যুঁজি মোগলক পৰাস্ত কৰিছিল। তেওঁলোকৰ পৰাক্ৰমে যুগে যুগে সকলোকে অনুপ্ৰেৰণা যোগাই যাব বুলি সুব্ৰমণিয়ম স্বামীয়ে মন্তব্য কৰে।

মহাপৰাক্ৰমী আহোম ৰাজবংশৰ কথা সেয়ে দেশৰ বিদ্যালয়ৰ পাঠ্যক্ৰমত অন্তৰ্ভূক্ত হোৱাটো উচিৎ বুলি স্বামীয়ে কয়।

ভাৰতৰ স্বাধীনতা আন্দোলনত অসমেও সমানে বৰঙণি আগবঢ়োৱাৰ কথা তেওঁ স্বীকাৰ কৰে।

স্বাধীনতা দিৱস উপলক্ষ্যে আয়োজন কৰা ৱেবিনাৰত অংশগ্ৰহণ কৰি বিজেপিৰ সাংসদ গৰাকীয়ে লগতে কয় যে সম্ভাৱনাৰে পৰিপূৰ্ণ দেশৰ যুৱ শক্তিক সঠিক পথৰ সন্ধান দিব লাগিব।

পূৰ্বজ সকলে কৰা ভুলৰ সংশোধন ঘটাই নতুন প্ৰজন্মক উন্নয়নৰ সঠিক পথ দেখুৱাই দিব লাগিব বুলি তেওঁ মন্তব্য কৰে।

কৃষিক্ষেত্ৰত প্ৰযুক্তিৰ ব্যৱহাৰৰ বিষয়ত গুৰুত্ব দি সুব্ৰমণিয়মে কয় যে এই ক্ষেত্ৰত ইজৰাইলৰ জলসিঞ্চন ব্যৱস্থাক আৰ্হি হিচাবে লব পাৰি।

বিশ্বৰ তথ্য-প্ৰযুক্তি,স্বাস্থ্য,ৰাজনীতি আদি সকলো ক্ষেত্ৰতে ভাৰতীয় সকল আগবাঢ়ি যোৱাত তেওঁ সন্তোষ প্ৰকাশ কৰিছে।