NORTHEAST NOW (Assamese)
অসম

শাপমুক্ত! কাশ্মীৰৰ দুই জিলাত আৰম্ভ ৪-জি ইণ্টাৰনেট সেৱা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 17, 2020 6:58 am
4g-jammu-and-k

অৱশেষত যেন শাপমুক্ত হ’ল ভূ-স্বৰ্গ কাশ্মীৰৰ দুখনকৈ জিলা।

সন্ত্ৰাসজৰ্জৰ কাশ্মীৰত ২০১৯ চনৰ ৫ আগষ্টৰ দিনা কেন্দ্ৰীয় চৰকাৰে সংবিধানৰ ৩৭০ অনুচ্ছেদ বিলোপ কৰাৰ পিছৰে পৰা অশান্তি বিয়পি পৰাৰ আশংকাত  বন্ধ কৰি দিয়া হৈছিল ইণ্টাৰনেট সেৱা।

সেই দিন ধৰি কাশ্মীৰৰ বাসিন্দা সকলে ইণ্টাৰনেট ব্যৱহাৰৰ পৰা বঞ্চিত হৈ আছিল। শেহতীয়াকৈ চৰকাৰে উপত্যকাটোত ২-জি ইণ্টাৰনেট সেৱা মুকলিৰ নিৰ্দেশ দিছিল যদিও ২-জি ইণ্টাৰনেটৰ স্পীড ইমানেই লেহেমীয়া যে ইণ্টাৰনেট ব্যৱহাৰকাৰী সকল মুঠেও উপকৃত হ’ব পৰা নাছিল।

কাশ্মীৰ উপত্যকাত পুনৰ ৪-জি নেটৱৰ্ক মুকলিৰ দাবীত ফাউণ্ডেছন ফৰ মিডিয়া প্ৰফেছনেল নামৰ সংস্থাটোৱে উচ্চতম ন্যায়ালয়ত আবেদন জনাইছিল।

উচ্চতম ন্যায়ালয়ে কাশ্মীৰত ২-জি সেৱাৰ স্পীড বঢ়াবলৈ চৰকাৰক নিৰ্দেশ দিছিল যদিও চৰকাৰে সেয়া কৰিব পৰা নাই।

অৱশেষত প্ৰায় এবছৰৰ মূৰত চৰকাৰে কাশ্মীৰ উপত্যকাৰ উধামপুৰ আৰু গাণ্ডেৰৱালত দেওবাৰে নিশা ৯ বজাৰ পৰা পৰীক্ষামূলক ভাৱে ৪-জি সেৱা আৰম্ভ কৰে।

এই সেৱা ৯ ছেপ্তেম্বৰ পৰ্যন্ত বাহাল থাকিব। ইণ্টাৰনেটৰ সহায়ত কাশ্মীৰত বিচ্ছিন্নতাবাদী সকলে ভাৰত বিৰোধী বাৰ্তা বিয়পাই থকাৰ বাবেই উপত্যকাটোত এবছৰ ধৰি ইণ্টাৰনেট বন্ধ কৰি ৰখা হৈছিল।