NORTHEAST NOW (Assamese)
অসম

অকলে থাকি বেয়া পোৱা মানুহজনক অকলে থাকিব নিদিলে অনুৰাগীয়ে : ওৰে নিশা সমাধিৰ কাষত বহি থাকিল জুবিনৰ গুণমুগ্ধ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 24, 2025 10:26 am
অকলে থাকি বেয়া পোৱা মানুহজনক অকলে থাকিব নিদিলে অনুৰাগীয়ে : ওৰে নিশা সমাধিৰ কাষত বহি থাকিল জুবিনৰ গুণমুগ্ধ

জুবিন গাৰ্গৰ অন্ত্যোষ্টিক্ৰিয়া সম্পন্ন হোৱাৰ পিছতো সমাধিস্থলী এৰি ঘৰলৈ নগ’ল একাংশ অনুৰাগী। ওৰেনিশা শ্মশানৰ কাষত বহি থাকিল কেইবাজনো লোক।

হাতত গীটাৰ লৈ শ্মশানৰ কাষতে বহি ওৰে নিশা গালে জুবিন গাৰ্গৰ হৃদয়স্পৰ্শী গীত।

শোকসন্তপ্ত এই লোকসকলে নিশাও জুবিন  গাৰ্গৰ সমাধিত চাকি-বন্তিৰে শ্ৰদ্ধাঞ্জলি জনায়।

তেওঁলোকে নিশা তাত গীত গাই থকাৰ সময়ত তেওঁলোকক সহযোগ কৰে তাত পহৰাৰ বাবে উপস্থিত থকা আৰক্ষীৰ বিষয়া-কৰ্মচাৰীসকলে।

উল্লেখ্য যে বহুতৰে বাবে শেষকৃত্যৰ পিছত সেই ঠাই এৰি যোৱাটো কল্পনাতীত আছিল।

এইবোৰ কথাই প্ৰমাণ কৰে যে জুবিন গাৰ্গ কেৱল অসমৰ আটাইতকৈ জনপ্ৰিয় ব্যক্তি বা শিল্পীয়েই নাছিল, তেওঁ আছিল অসমীয়া মানুহৰ পৰিয়ালৰ সদস্য।