NORTHEAST NOW (Assamese)
অসম

গুৱাহাটী প্ৰে’ছ ক্লাবৰ মীডিয়া ক্লিনিকত শনিবাৰে সেৱা আগবঢ়াব এপল’ চিকিৎসালয়ে

Posted by: এন ই নাও নিউজ March 14, 2018 6:02 pm
HEALTH-CHECKUP-at gauhati press club

গুৱাহাটীৰ এপল’ চিকিৎসালয়ে অহা ১৭ মাৰ্চৰ আবেলি ৩ বজাৰ পৰা গুৱাহাটী প্ৰে’ছ ক্লাবত হ’ব লগা সাপ্তাহিক অ’পিডি ক্লিনিকত সেৱা আগবঢ়াব।

সংবাদকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলক এই মীডিয়া ক্লিনিকটোত বিনামূলীয়াকৈ সেৱা আগবঢ়াব মেডিচিন বিশেষজ্ঞ ডাঃ প্ৰবীন শইকীয়াই।

আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে কলেজ অৱ ফিজিঅ’থেৰাপি এণ্ড মেডিকেল চায়েন্সেজে গুৱাহাটী প্ৰে’ছ ক্লাবত যোৱা বৃ্হস্পতিবাৰৰ ক্লিনিকটোত মহিলা সাংবাদিকৰ বাবে এক বিশেষ ফিজিঅ’থেৰাপি শিবিৰৰ আয়োজন কৰিছিল।

সংবাদকৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলৰ সুবিধাৰ বাবে এই মীডিয়া ক্লিনিকটো আৰম্ভ কৰা হৈছিল। গুৱাহাটীৰ বিভিন্ন চৰকাৰী-বেচৰকাৰী চিকিৎসালয়ৰ লগতে দেশৰো বহুবিলাক আগশাৰীৰ চিকিৎসালয়ে ইতিপূৰ্বে এই সাপ্তাহিক মীডিয়া ক্লিনিকটোত সেৱা আগবঢ়াইছে।