NORTHEAST NOW (Assamese)
Popular Stories

ভাৰতীয় সেনাৰ আক্ৰমণত পাকিস্তানৰ পাঁচগৰাকী সেনা নিহত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 11, 2020 11:01 am

বৃহস্পতিবাৰে নিশা জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাত ভাৰতীয় সেনাই চলোৱা এক অভিযানত পাঁচগৰাকী পাকিস্তানী সেনা নিহত হোৱাৰ লগতে অন্য তিনিগৰাকী গুৰুতৰভাৱে আহত হয়।

ভাৰতীয় সেনা বাহিনীৰ এটা সূত্ৰই এই কথা জানিবলৈ দিয়ে।

সূত্ৰটোৱে জানিবলৈ দিয়া মতে, ‘বৃহস্পতিবাৰে পুঞ্চ জিলাৰ নিয়ন্ত্ৰণ ৰেখাৰ মনকোট চেক্টৰত পাকিস্তানৰ সেনাবাহিনীয়ে নিৰ্বিচাৰভাৱে গুলীচালনা কৰিছিল’।

লগতে কয়, ‘ভাৰতৰ সীমান্তৰ নাগৰিকসকল আৰু সম্পত্তি বিনষ্ট কৰাৰ লক্ষ্যৰে চলোৱা গুলীচালনাত বহু ক্ষয়-ক্ষতি হৈছে’।

পাকিস্তানৰ এই আক্ৰমণৰ পিছতে ভাৰতৰ তৰফৰ পৰা চলোৱা প্ৰত্যুত্তৰত পাঁচগৰাকী পাক সেনা নিহত হোৱাৰ লগতে আন তিনিগৰাকী গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা যায়।

দুয়োপক্ষৰ মাজত চলা প্ৰায় দুঘণ্টাজোৰা গুলীয়াগুলীত ভাৰতীয় সেনাই পাকিস্তানৰ কেইবাটাও বাংকাৰ নষ্ট কৰি দিয়ে।

উল্লেখ্য যে এই বছৰৰ আৰম্ভণিৰ পৰা পাকিস্তানে বহুবাৰ ১৯৯৯ চনত দুয়োখন দেশৰ মাজত হোৱা দ্বিপাক্ষিক যুদ্ধবিৰতি চুক্তি উলংঘন কৰিছে।

তথ্য অনুসৰি চলিত বছৰৰ জানুৱাৰি মাহৰ পৰা এই পৰ্যন্ত পাকিস্তানে ৩২০০ ৰো অধিকবাৰ কৰা যুদ্ধবিৰতি চুক্তি উলংঘনত ৩০ গৰাকী লোক নিহত হোৱাৰ লগতে ১০০ৰো অধিক লোক গুৰুতৰভাৱে আহত হৈছে।