NORTHEAST NOW (Assamese)
অসম

সম্প্ৰীতিৰ নিদৰ্শন: হনুমান মন্দিৰ নিৰ্মাণ কৰিবলৈ ১ কোটি টকা মূল্যৰ মাটি দান কৰিলে এজন মুছলমান লোকে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 11, 2020 8:01 pm
aa whatsapp-image-202

যিটো সময়ত সাম্প্ৰদায়িক অসূয়া-অপ্ৰীতিয়ে গা কৰি উঠিছে তেনে সময়তে সম্প্ৰীতিৰ উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে এগৰাকী উদাৰমনা মুছলমান ব্যক্তিয়ে।

হিন্দু-মুছলমানৰ মাজত ভাৰতবৰ্ষত যুগ যুগ ধৰি ভাতৃত্ববোধৰ এনাজৰী ডাল শক্তিশালী ৰূপত বৰ্তি আছে যদিও বহু সময়ত কেতবোৰ অপশক্তিয়ে দুয়োটা সম্প্ৰদায়ৰ লোকৰ মাজত বিভেদৰ বীজ সিঁচি দিয়াৰ অপচেষ্টা অব্যাহত ৰাখিছে।

তেনে অপচেষ্টাৰ মাজতে বাংগালুৰুৰ এজন মুছলমান লোকে হনুমান মন্দিৰ নিৰ্মাণৰ বাবে প্ৰায় ১ কোটি টকা মূল্যৰ মাটি দান কৰাৰ কথাই দুয়োটা সম্প্ৰদায়ৰ মাজত থকা সাতামপুৰুষীয়া সম্প্ৰীতিৰ কথাকে পুনৰ বাৰ প্ৰমাণ কৰিলে।

বাংগালুৰুৰ ভালাগেৰেপুৰা অঞ্চলত থকা শ্ৰী বীৰাঞ্জনায়াস্বামী মন্দিৰটো ৭৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বাবে ভাঙি পেলাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল।

প্ৰশাসনে ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ বাবেই মন্দিৰটো আন ঠাইলৈ স্থানান্তৰিত কৰাৰ নিৰ্দেশ দিছিল।

এনে পৰিস্থিতিত একো পথৰ সন্ধান নেদেখি মন্দিৰ পৰিচালনা সমিতিৰ সভাপতিয়ে কাষ চাপিছিল ব্যৱসায়ী এইছ এম জি বাছাৰ।

ইছলামধৰ্মী এই লোকজনৰ মন্দিৰৰ কাষতে কিছু মাটি আছে।

মন্দিৰ পৰিচালনা সমিতিয়ে সেই মাটিতেই নতুনকৈ মন্দিৰটো সাজিবলৈ অনুমতি বিচৰাত বাছাই লগে লগে সন্মতি দিয়ে।

মাটি খিনিৰ মূল্য প্ৰায় এক কোটি টকা হ’ব।মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি এমডি বাইৰেগৌড়াই বাছাৰ বদান্যতাৰ শলাগ লৈ কয় যে মুছলমান লোক হ’লেও বাছাই মন্দিৰৰ সকলো কাৰ্যসূচীতে পূৰ্বৰে পৰা সহযোগিতা আগবঢ়াই আহিছে।

মন্দিৰৰ নামত মাটি দান কৰি আনন্দিতি বাছাও।

তেওঁৰ মতে ধৰ্মৰ নামত হিংসাত লিপ্ত হোৱাতকৈ সকলো ধৰ্মৰ লোকে মিলি-জুলি থাকিলেহে এখন সুখৰ সমাজ গঢ়ি তুলিব পৰা যাব।