NORTHEAST NOW (Assamese)
দেশ

উগ্ৰপন্থাই কঁপাইছে জম্মু-কাশ্মীৰ : চলিত বৰ্ষত মৃত্যু ১৮ জোৱানসহ ৪৪ জন লোকৰ মৃত্যু

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 12, 2024 1:28 pm

জম্মু-কাশ্মীৰত নিজৰ সংগঠন সম্প্ৰসাৰণ কৰিব বিচাৰিছে উগ্ৰপন্থী সংগঠনসমূহে। শেহতীয়াকৈ অঞ্চলটোত উগ্ৰপন্থীয়ে বিভিন্ন কুটাঘাত সংঘটিত কৰি আহিছে।

চলিত বৰ্ষৰ পৰিসংখ্যা চালে এই কথা স্পষ্ট হৈ পৰিব। ২০২৪ চনৰ জানুৱাৰীৰ পৰা এতিয়ালৈকে সন্ত্ৰাসবাদী আক্ৰমণত মুঠ ৪৪ জন লোকৰ মৃত্যু হৈছে। ইয়াৰে ১৮ জন সেনা জোৱান।

উল্লেখ্য যে উগ্ৰপন্থীৰ আক্ৰমণৰ আৰ্হিও সময়ৰ লগে লগে সলনি হৈছে। পূৰ্বতে সন্ত্ৰাসবাদী কাৰ্যকলাপ বেছি হোৱা জম্মু-কাশ্মীৰৰ আটাইকেইখন জিলাক্ৰমান্বয়ে উগ্ৰপন্থী নিষ্ক্ৰিয় হৈ পৰিছে। তাৰ বিপৰীতে আন জিলাত বিয়পি পৰিছে উগ্ৰপন্থীৰ কাৰ্যকলাপ। যাৰ বাবে চিন্তাত পৰিছে ভাৰতীয় সেনা বাহিনী।

ৰাজৌৰী আৰু পুঞ্চ জিলাৰ সীমান্ত অঞ্চলত হোৱাৰ বাবে সেই অঞ্চলত সংঘটিত হৈছিল অধিকাংশ সন্ত্ৰাসবাদী আক্ৰমণ। ভাৰতীয় সেনাৰ কঠোৰ সতৰ্কতাৰ বাবে এই দুই জিলাত উগ্ৰপন্থীৰ প্ৰভাৱ কমিছে। কিন্তু ৰাইচী, কঠুৱা, উধামপুৰ, কিস্তৱাৰ, ডোডা আৰু জম্মুত উগ্ৰপন্থী কাৰ্যকলাপ বৃদ্ধি পাইছে।

সংবাদ সংস্থা পিটিআইৰ এক প্ৰতিবেদন অনুসৰি চলিত বৰ্ষত এতিয়ালৈকে ৪৪ জন লোকৰ মৃত্যু হৈছে। ইয়াৰে ১৮ জন সেনা জোৱান, ১২ জন উগ্ৰপন্থী আৰু কমেও ১৪ জন সাধাৰণ নাগৰিকে প্ৰাণ হেৰুৱাইছে। ইয়াৰ ভিতৰত ৭ জন তীৰ্থযাত্ৰীআছে।

উগ্ৰপন্থীয়ে এতিয়া প্ৰযুক্তি ব্যৱহাৰ কৰি কুটাঘাটৰ পৰিকল্পনা কৰিছে। তেওঁলোকে ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছএপ বা আন যিকোনো ছ’চিয়েল মিডিয়া ব্যৱহাৰ কৰে।

প্ৰসংগক্ৰমে শুকুৰবাৰে কিস্তৱাৰত দুজন গাঁৱৰ নিৰাপত্তাৰক্ষী নিহত হয়। দেওবাৰে অৰ্থাৎ কালিও কিস্তৱাৰ সেনা উগ্ৰপন্থীৰ যুদ্ধ চলে। সেই যুঁজত এজন জোৱানে প্ৰাণ হেৰুৱাইছিল।