NORTHEAST NOW (Assamese)
অসম

ৰাণু মণ্ডলৰ নকল কৰি গ্ৰেপ্তাৰ হোৱাৰ পথত পাপু পম পম – আৰু বহুতৰ ওপৰত আৰক্ষীৰ শেনচকু

Posted by: এন ই নাও নিউজ August 29, 2019 1:41 pm
Ranu Mondal

ৰেইলৱে ষ্টেশ্যনত লতা মংগেশকাৰৰ ‘এক প্যায়াৰ কা নাগমা হে’ গীতটো গাই নিশাৰ ভিতৰতে চেলিব্ৰেটিলৈ পৰিণত হোৱা ৰাণু মণ্ডল এতিয়া বহুতৰে বাবে প্ৰেৰণাৰ উৎস।

ছ’চিয়েল মিডিয়াৰ বাবেই বলিউদৰ শেহতীয়া তাৰকালৈ পৰিণত হোৱা ৰাণুক এতিয়া একাংশই চ’চিয়েল মিডিয়াৰ জৰিয়তেই ঠাট্টা মস্কৰা কৰাত ব্যস্ত হৈ পৰিছে।

যেতিয়াই ছ’চিয়েল মিডিয়াত কিছু বস্তু ভাইৰেল হৈ পৰে তেতিয়াই একাংশই সেইবোৰক লৈ উপহাস বা মেমে বনোৱাত ব্যস্ত হৈ পৰে। কিন্তু কেতিয়াবা সেইবোৰ হৈ পৰে অসহনীয়।

উৰিষ্যাৰ পাপু পম পম নামৰ এগৰাকী অভিনেতা তথা কমেডিয়ানৰ ক্ষেত্ৰতো ঘটিল তেনে ঘটনা। শেহতীয়াকৈ ৰাণু মণ্ডলক ঠাট্টা কৰি কমেডিয়ান গৰাকীয়ে বনোৱা এটা ভিডিঅ’ৰ বাবে সন্মুঋখীন হৈছে তীব্ৰ সমালোচনাৰ।

যি সময়ত ৰাণু মণ্ডলৰ সফলতাৰ বাবে সকলোৱে শুভেচ্ছা তথা গায়িকা গৰাকীৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছে ঠিক তেনে সময়তে পাপু পম পমৰ এনে মানসিকতাক একেমুখে ধিক্কাৰো জনাইছে।

ইফালে জানিব পৰা মতে কমেডিয়ান গৰাকীৰ এনে নিকৃষ্ট মানসিকতাৰ বাবে নিচিন্তাকৈলি নাগৰিকা মঞ্চ নামৰ এটা সংগঠনে তেওঁৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে।

এজাহাৰৰ পিছতে কমেডিয়ান পাপু পম পমে ক্ষমা খুজি কয়, ‘গানটো জনপ্ৰিয় কৰাৰ স্বাৰ্থতহে মই ভিডিঅ’টো বনাইছিলো। এয়া এজন শিল্পীৰ আন এজন শিল্পীলৈ উপহাৰ আছিল। যদি এই ভিডিঅ’টোই কাৰোবাক আঘাট দিছে তেন্তে তাৰ বাবে ক্ষমা প্ৰাৰ্থী’।

লগতে পঢ়ক : ৰাণু মণ্ডলে তেওঁৰ প্ৰথমটো গানেৰে উপাৰ্জন কৰিলে ৬ লাখ টকা

উল্লেখ্য যে ৰাণুৰ ভাগ্য তেতিয়াই সলনি হ’ল যেতিয়া অতীন্দ্ৰ চক্ৰৱৰ্তী নামৰ এজন যাত্ৰীয়ে তেওঁ লতা মংগেশকাৰৰ ‘এক প্যায়াৰ কা নাগমা হে’ গীতটো গাই থকা মূহুৰ্তত ভিডিঅ’ কৰি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল।

ভিডিঅ’টো শ্বেয়াৰ কৰাৰ লগে লগে নিশাৰ ভিতৰতে এক প্ৰকাৰ চেলিব্ৰেটি হৈ পৰিল ৰাণু মণ্ডল।

ইয়াৰ পাছতে বলিউদৰ জনপ্ৰিয় সংগীত পৰিচালক তথা কণ্ঠশিল্পী হিমেশ ৰেশমিয়াই যোগাযোগ কৰি হিন্দী চিনেমাত গীত গোৱাৰ সুযোগ প্ৰদান কৰিছিল।