• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ৰাণু মণ্ডলে তেওঁৰ প্ৰথমটো গানেৰে উপাৰ্জন কৰিলে ৬ লাখ টকা

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , August 28, 2019 2:18 pm

2 min read

Ranu Mondal
6.9k
VIEWS
Share on FacebookShare on Twitter

ৰেইলৱে ষ্টেশ্যনত লতা মংগেশকাৰৰ গীত গাই জীৱিকা উলিওৱা ৰাণু মণ্ডল আজি নিজৰ প্ৰতিভাৰ বলত দেশৰ এগৰাকী শেহতীয়া তাৰকালৈ পৰিগণিত হৈছে।

বলিউদৰ আগশাৰীৰ সংগীত পৰিচালক হিমেশ ৰেশমিয়াই ৰাণু মণ্ডলক দিছে হিন্দী চিনেমাত গান গোৱাৰ সুযোগ। ইতিমধ্যে গীতটোৰ ৰেকৰ্ডিঙো হৈ গৈছে।

ৰেকৰ্ডিঙৰ ভিডিঅ’টো হিমেশ ৰেশমিয়াই ছ’চিয়েল মিডিয়াৰ জৰিয়তে শ্বেয়াৰ কৰাৰ পাছতে ইণ্টাৰনেট জগতত সৃষ্টি হৈছিল খলকনিৰ। সকলোৱে ৰাণু মণ্ডলৰ কণ্ঠৰ প্ৰেমত পৰাৰ লগতে ‘মেলডি কুইন’ ৰূপেও আখ্যা দিছে বহুজনে।

কিন্তু ৰাণু মণ্ডলে কণ্ঠ নিগৰোৱা প্ৰথমটো গীতৰ বাবে লাভ কৰিলে কিমান টকা?

গীতটোৰ বাবে ৰাণু মণ্ডলক কিমান টকা আগবঢ়োৱা হৈছে সেয়া এই পৰ্যন্ত হিমেশে আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই যদিও একাংশ সংবাদ মাধ্যমে এই পৰিমাণ আকৰ্ষণীয় বুলি প্ৰকাশ কৰিছে।

জানিব পৰা অনুসৰি হিমেশৰ আগন্তুক হিন্দী চিনেমা ‘হেপ্পী হাৰ্দী এণ্ড হিৰ’ৰ ‘তেৰি মেৰি কাহানী’ শীৰ্ষক গীতটিৰ বাবে ৰাণুলৈ আগবঢ়োৱা হৈছে ৬ৰ পৰা ৭ লাখ টকা।

ইফালে আন এটা সূত্ৰই দাবী কৰে, বলিষ্ঠ কণ্ঠ লৈ বলিউদত ঘটনাক্ৰমে আত্মপ্ৰকাশ কৰা ৰাণুৱে গীতটোৰ বাবে কোনো ধৰণৰ মাননি নলওঁ বুলি হিমেশক স্পষ্ট কৰি দিছিল।

কিন্তু ৰাণুৰ আপত্তিৰ পাছতো হিমেশে জোৰ কৰিয়ে ৰাণুৰ প্ৰতিভাৰ পাৰিশ্ৰমিক প্ৰদান কৰে আৰু ছুপাৰষ্টাৰ হোৱাৰ পৰা তেওঁক কোনো শক্তিয়ে বাধা দিব নোৱাৰে বুলিও তেওঁক দাবী কৰে।

লগতে পঢ়ক : দহ বছৰৰ পিছত ”চেলিব্ৰেটি” মাক ৰাণু মণ্ডলক বিচাৰি আহিল জীয়েকে; ছ’চিয়েল মিডিয়াত ভৰ্ৎসনা

উল্লেখ্য যে ৰাণুৱে এটা সাক্ষাৎকাৰত নিজে কৈছে যে গানৰ বাবে তেওঁক কোনোবাই কেতিয়াবা সামান্য পৰিমাণে পইচা দিছিল আৰু কোনোবাই খোৱা বস্তু দি গৈছিল। আৰু এইদৰেই তেওঁ চলাই নিছিল নিজৰ জীৱন।

কিন্তু ৰাণুৰ ভাগ্য তেতিয়াই সলনি হ’ল যেতিয়া অতীন্দ্ৰ চক্ৰৱৰ্তী নামৰ এজন যাত্ৰীয়ে তেওঁ লতা মংগেশকাৰৰ ‘এক প্যায়াৰ কা নাগমা হে’ গীতটো গাই থকা মূহুৰ্তত ভিডিঅ’ কৰি ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল।

ভিডিঅ’টো শ্বেয়াৰ কৰাৰ লগে লগে নিশাৰ ভিতৰতে এক প্ৰকাৰ চেলিব্ৰেটি হৈ পৰিল ৰাণু মণ্ডল।

ইয়াৰ পাছতে বলিউদৰ জনপ্ৰিয় সংগীত পৰিচালক তথা কণ্ঠশিল্পী হিমেশ ৰেশমিয়াই যোগাযোগ কৰি হিন্দী চিনেমাত গীত গোৱাৰ সুযোগ প্ৰদান কৰিছিল।

হঠাৎ এনেদৰে জীৱনৰ গতিপথ সলনি হোৱা প্ৰসংগত ৰাণু মণ্ডলে কয় যে এয়া মোৰ বাবে দ্বিতীয় জীৱন আৰু ইয়াক সুন্দৰময় কৰাৰ বাবে সকলো প্ৰকাৰৰ চেষ্টা কৰিম।

ৰেইলেৱে ষ্টেশ্যনৰ পৰা বলিউদলৈ ৰাণুৰ এই যাত্ৰা চিনেমাৰ কাহিনীৰ দৰেই মনোৰম।

Recent News

IMG_20210125_131908

নগাঁৱত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

a cong

কোন বেছি সাম্প্ৰদায়িক—বিজেপি নে কংগ্ৰেছ? সংবাদমেলত অমিত শ্বাহক প্ৰশ্ন ৰিপুন বৰাৰ

India-China border in sikkim

ছিকিমৰ নাকু লা সীমান্তত সংঘৰ্ষত ভাৰতীয় সেনাৰ হাতত আহত ২০জন চীনা সৈন্য

navbharat-times

ডিজিটাল হ’ল ভোটাৰ কাৰ্ড: কিদৰে ডাউনলোড কৰিব E-EPIC ভোটাৰ কাৰ্ড? জানক প্ৰতিটো পদক্ষেপ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd