NORTHEAST NOW (Assamese)
অসম

বিটিচি নিৰ্বাচন-২০২০; বৰ্তমানলৈ ভোট গণনাত বিপিএফক অতিক্ৰমি য়ুপিপিএলৰ অগ্ৰগতি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 12, 2020 9:58 am

আজি ৰাতিপুৱাৰে পৰা বিটিচি নিৰ্বাচনৰ ভোট গণনা আৰম্ভ হৈছে।

বৰ্তমানলৈ হোৱা ভোট গণনা প্ৰক্ৰিয়াত প্ৰমোদ বড়ো নেতৃত্বাধীন য়ুপিপিএলে বিপিএফতকৈ আগবাঢ়ি থকা পৰিলক্ষিত হৈছে।

ৰাতিপুৱা ৯.৩০ বজা পৰ্যন্ত হোৱা ভোট গণনাত য়ুপিপিএলে ছয়খন আসনত আৰু হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিপিএফে পাঁচখন আসনত আৰি বিজেপিয়ে এখন আগবাঢ়ি আছে।

বিটিআৰৰ চাৰিখন জিলা ক্ৰমে কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওডালগুৰিৰ মুঠ ১০ টা ভোট গণনা কেন্দ্ৰত ৰাতিপুৱা ৮ বজাৰ পৰা ভোট গণনা প্ৰক্ৰিয়া আৰম্ভ হৈছে।

বৰ্তমানলৈ বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰী আৰু য়ুপিপিএল প্ৰধান প্ৰমোদ বড়োই নিজ সমষ্টিত আগবাঢ়ি আছে।

বিটিচি নিৰ্বাচনত ৪০ সমষ্টিত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা মুঠ ২৪১ গৰাকী প্ৰাৰ্থীৰ ৰাজনৈতিক ভবিষ্যত আজি নিৰ্ণয় হ’ব।

বিটিচিত ৭ ডিচেম্বৰত প্ৰথম পৰ্যায়ৰ আৰু ১০ ডিচেম্বৰত দ্বিতীয় পৰ্যায়ৰ ভোটদান অনুষ্ঠিত হৈছিল।