NORTHEAST NOW (Assamese)
অসম

আমগুৰিৰ চামগুৰিত কা’ আন্দোলনৰ ছহিদক সুঁৱৰি শ্ৰদ্ধাঞ্জলি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

Posted by: পাৰ্শ্বজ্যোতি গগৈ Updated by: পাৰ্শ্বজ্যোতি গগৈ December 12, 2020 7:21 pm
a amguri

শিৱসাগৰ আমগুৰি চামগুৰিত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু বিভিন্ন দল সংগঠন আৰু ৰাইজৰ সহযোগত ‘কা’ আন্দোলনৰ ষষ্ঠ শ্বহীদক সুঁৱৰি শ্ৰদ্ধাঞ্জলি জনায় আৰু ‘কা’ বিৰোধিতা কৰি অখিল গগৈৰ মুক্তিৰ দাবী জনায়।

ষষ্ঠ শ্বহীদক সুঁৱৰি বন্তি প্ৰজ্বলন কৰে প্ৰাক্তন শিক্ষক কেশৱ বৰুৱা, গেলেকী মহাবিদ্যালয়ৰ প্ৰৱক্তা ৱাহিদা খাটুন, হালোৱাটিং দৈনিক জনমভূমিৰ সংবাদিক বাবুল বৰুৱা,আমগুৰি প্ৰতিদিন কাকতৰ সম্পাদক ঋতুকল্প গোহাঁই, সাংবাদিক সমীৰণ দুৱৰা,সমাজ সেৱক পুলিন তামূলীয়ে বন্তি প্ৰজ্বলন কৰে।

ৰাইজৰ দলৰ মুজিদ আলিয়ে আঁতধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ছাত্ৰ মুক্তিৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক ঋতুমণি হাজৰিকাই  কয় অসমীয়া ৰাইজে ‘কা’ নামানে গাত শেষ টোপাল তেজ থকা লৈকে ‘কা’ বিৰোধিতা কৰি যাব।

ফেচিষ্ট বিজেপি চৰকাৰে ষড়যন্ত্ৰ ভাবে অখিল গগৈক গ্ৰেপ্তাৰ কৰি ৰাখি দুৰ্নীতি আৰু ৰাজনৈতিক লাভ আৰু অসমীয়া জাতিক নিঃশেষ কৰাৰ কৌশল ৰচনা কৰিছে।

পুনৰ ‘কা’ বিৰোধী আন্দোলন তীব্ৰ কৰা আৰু অখিল গগৈক  মুক্তিৰ দাবীত ৰাজপথ উত্তাল কৰিব বুলি জনায়। প্ৰশাসনে এই অসমীয়া ৰাইজৰ আন্দোলনক দমন কৰিব নোৱাৰে বুলিও জনায়।

অনুষ্ঠানত প্ৰাক্তন শিক্ষক কেশৱ বৰুৱা, প্ৰবক্তা ৱাহিদা খাটুন, সাংবাদিক বাবুল বৰুৱাই বক্তব্য প্ৰদান কৰি ‘কা’ বিৰোধিতা কৰে। অনুষ্ঠানটিত ছাত্ৰ মুক্তিৰ চামগুৰি আঞ্চলিকৰ দেৱৰাজ তামুলী, আদিত্য গগৈ, কল্যাণ গগৈ, দ্বীপজ্যুতি লাহ,সুৰুজ দিহিঙীয়া, পাৰ্থপ্ৰতিম তামুলী, সমাজ ৰাইজৰ দলৰ অমৃত কোঁৱৰ, সৌৰভ দত্ত, নাৰী মুক্তিৰ পঞ্চমী গগৈ, হৰিপ্ৰিয়া বৰুৱা উপস্থিত থাকে।