NORTHEAST NOW (Assamese)
অসম

মৰিগাঁৱতো ‘কা’ আন্দোলনৰ পঞ্চ শ্বহীদৰ প্ৰতিচ্ছবি লৈ কৃষক মুক্তিৰ প্ৰতিবাদ

Posted by: চানু গগৈ Updated by: চানু গগৈ December 12, 2020 8:46 pm
index.jpg

ৰাজ্যখনৰ লগতে আজি মৰিগাঁৱতো কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে কা বাতিলৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।

উল্লেখ্য যে কা আন্দোলনত মৃত্যু বৰণ কৰা পঞ্চ শ্বহীদৰ প্ৰতি শ্ৰদ্ধা জনাই আজি ৰাজ্যজুৰি কৃষক মুক্তিৰ উদ্যোগত কা বিৰোধী প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ হৈছে।

সেয়ে পঞ্চ শ্বহীদৰ প্ৰতি সন্মান জনাই পঞ্চ শ্বহীদৰ প্ৰতিচ্ছবি আগত লৈ মৰিগাঁও জিলা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে চহৰখনৰ মাজ মজিয়াত থকা বিহুতলিত কা বাতিলৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচীত নামি পৰে।

কা বিৰোধিতাৰে বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলা প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থকা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মৰিগাঁও জিলাৰ সভাপতি দেৱজিৎ পাতৰে চৰকাৰক সকীয়াই দি কয় যে চৰকাৰে অতি শীঘ্ৰেই কা বাতিল কৰক।

যেতিয়ালৈকে কা বাতিল নকৰিব, তেতিয়ালৈকে অসমীয়া ৰাইজ শান্তিৰে নাথাকে আৰু কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্র মুক্তি সংগ্ৰাম সমিতি বহি নাথাকে বুলি সকিয়াই দিয়ে। কা বাতিল নকৰা পৰ্যন্ত তেওঁলোকে আন্দোলন চলাই যাব বুলি দাবী কৰে।