NORTHEAST NOW (Assamese)
অসম

আছাৰ গণ হুংকাৰ কাৰ্যসূচীৰ পৰা ওভতাৰ সময়ত পথ দুৰ্ঘটনাত এজনৰ মৃত্যু

Posted by: মানস প্ৰতিম গগৈ Updated by: মানস প্ৰতিম গগৈ December 13, 2020 10:11 pm
accident-representational-image-ani

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা থানাৰ অন্তৰ্গত দিহিঙত আজি সন্ধিয়া এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়।

এই শোকাৱহ পথ দুৰ্ঘটনাটোত এজন লোক থিতাতে নিহত হয়। নিহত লোকজনৰ নাম দিহিং বাগানৰ দালিয়া বস্তিৰ লখন মুণ্ডা (২৮) বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে আজি মাৰ্ঘেৰিটা বৰগোলাইত আদিবাসী ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা গণ হুংকাৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি ঘৰলৈ বুলি ঘূৰি আহোতে দিহিং বাগানৰ সমীপত দুৰ্ঘটনাত পতিত হয় লোকজন।

জানিব পৰা মতে এ এছ ০৬ এ ৭১৩২ নম্বৰৰ এখন মাৰুতি ভানে খুন্দিওৱাৰ ফলত লোকজন থিতাতে নিহত হয়।

ইতিমধ্যে দুৰ্ঘটনা সংঘটিত কৰা ভান খনে মাৰ্ঘেৰিটা থানাত আত্মসমৰ্পন কৰে বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে আদিবাসীসকলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত মাৰ্ঘেৰিটাৰ লিডুস্থিত বৰগোলাই ৰাজীৱ গান্ধী ক্ৰীড়া প্ৰকল্পৰ খেলপথাৰত আজি অনুষ্ঠিত হৈছিল আদিবাসী গণ হুংকাৰ কাৰ্যসূচী।