NORTHEAST NOW (Assamese)
অসম

গুৱাহাটীত স্থাপন কৰা হ’ব স্মাৰ্ট জৈৱ-শৌচাগাৰ

Posted by: এন ই নাও নিউজ March 14, 2018 10:21 pm
Bio- Toilets to be installed at Ghy

মহানগৰীত ৰাজহুৱা শৌচাগাৰ অভাৱ দূৰ কৰাৰ উদ্দেশ্যে গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডে মহানগৰীৰ বিভিন্ন স্থানত স্মাৰ্ট জৈৱ-শৌচাগাৰ স্থাপন কৰাৰ পৰিকল্পনা কৰিছে।

প্ৰতিৰক্ষা গৱেষনা আৰু বিকাশ সংস্থাই (ডি আৰ ডি অ’) অনুমোদন কৰা প্ৰযুক্তি উক্ত প্ৰকল্পত ব্যৱহাৰ কৰা হৈছে।

মুঠ ৩ টা পৰ্যায়ত গোটেই প্ৰক্ৰিয়াটোক সম্পুৰ্ণ কৰা হ’ব বুলি গুৱাহাটী স্মাৰ্ট চিটি লিমিটেডৰ পৰিচালন সঞ্চালক অংগমঠুয়ে জানিবলৈ দিয়ে। প্ৰথম পৰ্যায়ত ৰেইলৱে ষ্টেশ্যন, জি এম চি এইছ আৰু বাছ আস্থানসমূহকে মহানগৰীৰ ৩০ টা স্থানত উক্ত জৈৱ-শৌচাগাৰসমূহ স্থাপন কৰা হ’ব।

আনহাতে দ্বিতীয় পৰ্যায়ত ২০ টা অতিৰিক্ত শৌচাগাৰ স্থাপন কৰি বাকী থকা শৌচাগাৰসমূহ তৃতীয় তথা অন্তিমটো পৰ্যায়ত সামৰি লোৱা হ’ব।

জৈৱ-শৌচাগাৰ স্থাপন কৰাৰ প্ৰথম পৰ্যায়ৰ কাম এই বৰ্ষৰ জুন মাহৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব বুলি অংগমঠুয়ে সদৰী কৰে।

বৈদ্যুতিক পদ্ধতিৰে চলিবলীয়া উক্ত শৌচাগাৰ সমূহ পৰিবেশ অনুকুল হ’ব। জানিব পৰা মতে পুৱা ৬ বজাৰ পৰা নিশা ১০ বজালৈকে উক্ত শৌচাগাৰসমূহ খোলা থাকিব।