NORTHEAST NOW (Assamese)
অসম

কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশী কোভিড প’জিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 8, 2020 4:36 pm

কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশী কোভিড প’জিটিভ হৈছে।

কৰ্ণাটকৰ উপ-মুখ্য মন্ত্ৰীৰ সৈতে একেলগে এখন সংবাদমেল সম্বোধন কৰাৰ পাছতে যোশী কোভিড প’জিটিভ হিচাপে চিনাক্ত হয়।

প্ৰহ্লাদ যোশীয়ে নিজে কোভিড প’জিটিভ হোৱা বুলি উল্লেখ কৰি তেওঁৰ বৰ্তমান কোনোধৰণৰ ক’ৰ’নাৰ লক্ষণ দেখুওৱা নাই আৰু চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰি হোম কোৱাৰেণ্টাইনত আছে বুলি কয়।

‘‘ মোৰ শৰীৰত ক’ৰ’না ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। বৰ্তমান মোৰ শৰীৰত কোনোধৰণৰ ক’ৰ’নাৰ লক্ষণ দেখুওৱা নাই। চিকিৎসকৰ পৰামৰ্শ অনুসৰি মই হোম কোৱাৰেণ্টাইনত আছো,’’ কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে এইদৰে টুইট কৰে।

৫৭ বছৰীয়া সংসদীয় পৰিক্ৰমা মন্ত্ৰী গৰাকীয়ে ইয়াৰ লগতে কয়াল আৰু খনিৰো অতিৰিক্ত দায়িত্বত আছে।

২০১৯ চনৰ পৰাই মোদী কেবিনেটত মন্ত্ৰী হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে প্ৰহ্লাদ যোশীয়ে।

প্ৰহ্লাদ যোশীয়ে ২০০৪ চনৰ পৰাই লোকসভাৰ সাংসদ হিচাপে কাৰ্য্যনিৰ্বাহ কৰি আছে আৰু ২০১৯ চনত ধাৰৱাদ লোকসভা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয়।