NORTHEAST NOW (Assamese)
Popular Stories

ইমান টকা! গণি গণি মেচিনেই বেয়া হৈ গ’ল; আয়কৰ বিষয়াসকলৰো চকু কপালত উঠিল

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 8, 2023 7:58 am

শ্বেলফৰ পিছত শ্বেলফ, তৰপ তৰপকৈ সজাই থোৱা ২০০, ৫০০ আৰু ১০০ টকীয়া নোটৰ বাণ্ডিল। ওড়িশাৰ এটা সংস্থাত ধনৰ পাহাৰ দেখি স্তম্ভিত হৈ পৰে তালাচী অভিযান চলোৱা আয়কৰ বিষয়াসকল। টকাৰ পৰিমাণলৈ চাই আয়কৰ কৰ্তৃপক্ষই কিমান টকা হ’ব পাৰে সেইটো অনুমান কৰিব পৰা নাছিল। টকা গণিবলৈ অনা হৈছিল মেচিন। কিন্তু এই বৃহৎ পৰিমাণৰ ধন গণনা কৰি থাকোঁতে সেই মেচিনটোও কাম নকৰা হৈ পৰিল।

আয়কৰ বিভাগৰ তথ্য অনুসৰি বৌধ ডিষ্টিলেৰীজ প্ৰাইভেট লিমিটেড নামৰ কোম্পানী এটাৰ ওড়িশা আৰু ঝাৰখণ্ড শাখাত তেওঁলোকে অভিযান চলাইছিল। ওড়িশাৰ বোলাংগীৰ, সম্বলপুৰ আৰু ঝাৰখণ্ডৰ ৰাঞ্চি, লোহাৰদাগাত অভিযান অব্যাহত আছে।

লগতে পঢ়কঃ বৰ্বৰ! বিয়াঘৰত ব্যৱহৃত প্লেট অতিথিৰ গাত লগাৰ বাবেই প্ৰাণ ল’লে ৱেইটাৰৰ

আয়কৰ বিভাগৰ সূত্ৰ অনুসৰি বুধবাৰলৈকে ৫০ কোটি টকা গণনা কৰা হৈছে। কিন্তু তাৰ পিছত অলপ সময়ৰ পিছতে গণনা কৰা মেচিনবোৰ বিকল হৈ পৰে।

স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, বুধবাৰ আৰু বৃহস্পতিবাৰে ১৫০ কোটি টকা গণনা কৰা সম্ভৱ হৈছিল। সূত্ৰ অনুসৰি, কিমান টকা আছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে এই ধনৰ পৰিমাণ কেইবাশ কোটি টকাৰো অধিক হ’ব পাৰে বুলি বিষয়াসকলে অনুমান কৰিছে।

আয়কৰ বিভাগৰ অভিযান। ফটোঃ সংগ্ৰহীত।

আয়কৰ বিভাগৰ সূত্ৰ অনুসৰি, ওড়িশাত এই কোম্পানীটোৰ বিৰুদ্ধে কৰ ফাঁকিৰ কেইবাটাও অভিযোগ উত্থাপন হৈছে। ইয়াৰ পিছত বুধবাৰে এই অভিযান চলোৱা হয়। কেৱল কোম্পানীটোৰ মুখ্য কাৰ্যালয়তে নহয়, কোম্পানীটোৰ পৰিচালকৰ ঘৰ আৰু পৰিচালন সঞ্চালকৰ ঘৰতো তালাচী চলোৱা হৈছে।

কেৱল বৌধ ডিষ্টিলেৰীয়েই নহয়, ঝাৰখণ্ডৰ ব্যৱসায়ী ৰামচন্দ্ৰ ৰুংতাৰ কোম্পানীৰ বিভিন্ন কাৰ্যালয়তে আয়কৰ অভিযান চলি আছে।