NORTHEAST NOW (Assamese)
অসম

১২০০ কোটি টকাৰ GST ফাঁকিৰ অভিযোগ; গোচৰ ৰুজু কৰিও কিয় প্ৰত্যাহাৰ কৰিলে DREAM 11য়ে?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 8, 2023 9:07 am

কিছুদিন পূৰ্বে ড্ৰিম ১১ লৈ ১২০০ কোটি টকাৰ কৰ ফাঁকিৰ জাননী প্ৰেৰণ কৰা হৈছিল। সেই জাননীৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল ড্ৰিম ১১। অৱশ্যে এই সপ্তাহত উচ্চ ন্যায়ালয়ৰ পৰা ড্ৰিম ১১য়ে আবেদন প্ৰত্যাহাৰ কৰে। এই গোচৰত মহাৰাষ্ট্ৰ চৰকাৰে আদালতক অৱগত কৰিছে যে এছ জি এছ টি কৰ্তৃপক্ষই কাৰণ দেখুৱাৰ জাননী প্ৰত্যাহাৰ কৰিছে।

জানিব পৰা মতে, এই সন্দৰ্ভত চিজিএছটি কৰ্তৃপক্ষই উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে। এনে পৰিস্থিতিত ৰাজ্যৰ জি এছ টি কৰ্তৃপক্ষই ১২০০ কোটি টকাৰ কৰ ফাঁকিৰ জাননী প্ৰত্যাহাৰ কৰিছে।

মহাৰাষ্ট্ৰ চৰকাৰে জনাইছে যে জি এছ টি সঞ্চালকালয়ে পুনৰ DREAM 11 লৈ জাননী প্ৰেৰণ কৰিব। এই পৰিস্থিতিত বম্বে উচ্চ ন্যায়ালয়ৰ পৰা তেওঁলোকৰ আবেদন প্ৰত্যাহাৰ কৰে ড্ৰিম ১১য়ে। মন কৰিবলগীয়া যে যোৱা ছেপ্টেম্বৰ মাহত স্প’ৰ্টছ টেকন’লজিছ লিমিটেডে মহাৰাষ্ট্ৰ চৰকাৰৰ বিৰুদ্ধে বম্বে উচ্চ ন্যায়ালয়ত আবেদন দাখিল কৰিছিল। এই কোম্পানীটোৰ মালিক ড্ৰিম ১১ ব্ৰেণ্ড।

লগতে পঢ়কঃ ইমান টকা! গণি গণি মেচিনেই বেয়া হৈ গ’ল; আয়কৰ বিষয়াসকলৰো চকু কপালত উঠিল

জানিব পৰা মতে, ৰাজ্যৰ জি এছ টি কৰ্তৃপক্ষই ২০১৭-১৮ আৰু ২০১৮-১৯ বিত্তীয় বৰ্ষত ২৮ শতাংশ হাৰত জি এছ টি ফাঁকিৰ অভিযোগ উত্থাপন কৰি DREAM 11 লৈ জাননী প্ৰেৰণ কৰিছিল। দাবী কৰা হৈছিল যে ড্ৰিম ১১ কোম্পানীয়ে জুৱাৰ পৰিসেৱা আগবঢ়ায়। এই প্ৰসংগত তেওঁলোকক কোম্পানীটোৰ মুঠ মূল্যৰ ওপৰত ২৮ শতাংশ জি এছ টি দিবলৈ কোৱা হৈছিল। অৱশ্যে কোম্পানীটোৱে দাবী কৰা মতে, বিভিন্ন আদালতে ইতিমধ্যে প্ৰতিষ্ঠা কৰিছে যে অনলাইন ফেণ্টাচি গেম আচলতে কৌশলৰ গেমহে, জুৱাৰ নহয়।

ইপিনে, একেধৰণৰ জাননী প্লেয়াৰজপট মিডিয়া প্ৰাইভেট লিমিটেডলৈ প্ৰেৰণ কৰা হয়। তেওঁলোকেও এই জাননীক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। তেওঁলোকৰ ক্ষেত্ৰত জি এছ টি সঞ্চালকালয়ে তেওঁলোকক বাকী থকা ৫৩২ কোটি টকাৰ কৰ নিষ্পত্তি কৰিবলৈ কয়। এই ধনৰ লগতে সুত আৰু জৰিমনা কোম্পানীটোৰ পৰা দাবী কৰা হয়।

লগতে পঢ়কঃচাঞ্চল্য! সীমাৰ গছ কটাৰ কাজিয়াৰ পৰিণতিত অভিনেতাই প্ৰাণ ল’লে এজনৰ, তিনিজন আহত

উল্লেখ্য যে ইয়াৰ পূৰ্বেও একেধৰণৰ গোচৰত গেমছক্ৰাফ্ট নামৰ কোম্পানী এটাক ২১ হাজাৰ কোটিৰ জি এছ টি জাননী জাৰি কৰা হৈছিল। এই জাননীৰ বিৰুদ্ধে তেওঁলোকে কৰ্ণাটক উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল। এই আবেদনৰ পিছতে যোৱা মে’ মাহত উচ্চ ন্যায়ালয়ে জি এছ টিৰ জাননীত স্থগিতাদেশ জাৰি কৰিছিল। তাৰ পিছত গোচৰটো উচ্চতম ন্যায়ালয়লৈ নিয়া হয়।