• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বৰ্বৰ! বিয়াঘৰত ব্যৱহৃত প্লেট অতিথিৰ গাত লগাৰ বাবেই প্ৰাণ ল’লে ৱেইটাৰৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 7, 2023 8:48 pm
Waiter beaten to death

প্ৰতিনিধিত্বমূলক ছবি

5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক বিবাহ অনুষ্ঠানত কিছু ব্যৱহৃত খাদ্যৰ প্লেট এগৰাকী ৱেইটাৰে কঢ়িয়াই নিয়াৰ সময়তে অনুষ্ঠানত থকা দুজন অতিথিৰ শৰীৰত স্পৰ্শ কৰে আৰু এই সামান্য ঘটনাৰ বাবে নিজৰ জীৱন হেৰুৱাবলগা হয় ৱেইটাৰে।

কেইগৰাকীমান ব্যক্তিয়ে এই সামান্য কথাৰ বাবেই প্ৰহাৰ কৰাৰ ফলস্বৰূপে মৃত্যু হয় ৱেইটাৰজনৰ। এই জঘন্য কাণ্ড সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গাজিয়াবাদত।

Apply Now

যোৱা ১৭ নৱেম্বৰৰে সন্ধিয়া গাজিয়াবাদৰ পুস্তা ৰোডৰ চি জি এছ ভাটিকা নামৰ এক অতিথিশালাত সংঘটিত হয় এই ঘটনা। অতিথিশালাটোত অনুষ্ঠিত হৈছিল এক বিবাহ অনুষ্ঠান।

অনুষ্ঠানটিত অতিথিসকলক খাদ্য পৰিৱেশন কৰাৰ পিছত ব্যৱহৃত প্লেটসমূহ কঢ়িয়াই নিছিল ৱেইটাৰগৰাকীয়ে। সেইসময়তে তেওঁ কঢ়িয়াই নিয়া প্লেটসমূহে দুজনমান লোকৰ শৰীৰত স্পৰ্শ কৰে।

এই কথাতে ৱেইটাৰজনক তীব্ৰ গালি-গালাজ কৰে লোককেইজনে আৰু তাৰ মাজতে বিবাহস্থলীতে তেওঁক নিৰ্মমভাৱে প্ৰহাৰ কৰে। আক্ৰমণত মাটিত ঢলি পৰে ২৬ বৰ্ষীয় পংকজ নামৰ ৱেইটাৰজন।

ইফালে পংকজৰ মৃত্যু ঘটা বুলি ভীতিগ্ৰস্ত হৈ আক্ৰমণকাৰী কেইজনে পংকজৰ দেহটো এখন জংঘলত পেলাই দিয়ে। পিছদিনা জংঘলত উদ্ধাৰ হয় পংকজৰ মৃতদেহ।

মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাত মূৰত গভীৰ ঘাঁৰ চিন পোৱাৰ পিছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে। তদন্তৰ সময়ত পংকজৰ মাতৃয়ে আৰক্ষীক বিয়াৰ স্থানত কাম কৰিবলৈ যোৱাৰ পিছত পংকজ ঘৰলৈ উভতি অহা নাছিল বুলি জানিবলৈ দিয়ে।

ইয়াৰ পিছতে আৰক্ষীয়ে জানিব পাৰে যে পংকজে মনোজ গুপ্তা নামৰ এজন ঠিকাদাৰৰ জৰিয়তে অতিথিশালাটোত ৱেইটাৰ হিচাপে কাম কৰি আছিল। উক্ত ব্যক্তিজন আছিল অতিথিশালাটোৰ অংশীদাৰ।

আৰক্ষীয়ে পিছত ঘটনাৰ তদন্ত ক্ষীপ্ৰতৰ কৰি তোলে আৰু ঘটনাৰ প্ৰকৃত কাৰণ উদ্ধাৰ কৰে। তদন্তত কাজিয়াৰ সময়ত মনোজ গুপ্তায়ো পংকজক আক্ৰমণ কৰা বুলি আৰক্ষীয়ে জানিব পাৰে।

ইয়াৰ পিছতে আৰক্ষীয়ে মনোজ গুপ্তাৰ লগতে ঘটনাত জড়িত থকাৰ অভিযোগত অমিত কুমাৰ আৰু ঋষভ নামৰ আন দুজন অভিযুক্তক গ্ৰেপ্তাৰ কৰে। ধৃত তিনিওকে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে আদালতে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

July 17, 2026 9:15 am
NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

July 17, 2026 7:59 am
৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

৭-৮ ঘণ্টা শুই উঠাৰ পিছতো চকুৰ তলত কলা দাগ পৰিছে নেকি? জানি লওক কেতিয়া ডাক্তৰৰ কাষ চপা উচিত

July 17, 2026 6:50 am
গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

গহপুৰত গ্ৰীষ্মকালীন কৰ্মশালাৰ শুভাৰম্ভ

July 16, 2026 8:44 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

আমেৰিকাত অবৈধভাৱে প্ৰৱেশৰ প্ৰৱণতা নিম্নগামী; ভাৰতীয় অনুপ্ৰৱেশ হ্ৰাস পাইছে ৬৯শতাংশ

July 17, 2026 9:15 am
NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

NEET UG 2026-ৰ ফলাফল ঘোষণা! ৭১৫ নম্বৰেৰে শীৰ্ষত দুই শিক্ষাৰ্থী, সফল মুঠ ১১.২১ লাখ পৰিক্ষাৰ্থী

July 17, 2026 7:59 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd