NORTHEAST NOW (Assamese)
অসম

বিশিষ্ট সাহিত্যিক কৃষ্ণ গোস্বামীৰ “পদ্য উপপদ্য” আৰু “বিচ্ছুৰিত অনুভৱ” শীৰ্ষক দুখন গ্ৰন্থ উন্মোচন

Posted by: ভার্গব হাজৰিকা Updated by: ভার্গব হাজৰিকা December 14, 2020 2:28 pm
VideoCapture_20201213-172311

নগাঁৱৰ ঐতিহ্যমণ্ডিত পুৰণিগুদামৰ বাপুজী ভৱন আৰু পুথিভঁৰালত লেটুগ্ৰাম সত্ৰৰ সত্ৰাধিকাৰ কৃষ্ণ গোস্বামীৰ ৰচিত দুখনকৈ অমূল্য গ্ৰন্থ উন্মোচন কৰা হয়।

সোমবাৰে দুপৰীয়া ভাগত বাপুজী ভৱন আৰু পুথিভৰাঁল আৰু পুৰণিগুদাম শতদল শাখা সাহিত্য সভাৰ যুটীয়া ব্যৱস্থাপনাত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাখনিত সভাপতিত্ব কৰে পুৰণিগুদাম শতদল শাখা সাহিত্য সভাৰ সভাপতি পুলিন হাজৰিকাই।

বাপুজী ভৱন আৰু পুথিভঁৰালৰ সাধাৰণ সম্পাদক দ্বিপেন বৈৰাগীয়ে আঁত ধৰা গাম্ভীৰ্য্যপূৰ্ণ গ্ৰন্থ উন্মোচনী সভাখনত নগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ তথা স্বনাম ধন্য কবি শৰৎ বৰকটকী উপস্থিত থাকি কৃষ্ণ গোস্বামীৰ কাব্য গ্ৰন্থ “পদ্য উপপদ্য” উন্মোচন কৰে।

আনহাতে, নগাঁও জিলা সাহিত্য সভাৰ সভাপতি, বিশিষ্ট কবি, প্ৰৱন্ধকাৰ পৰাণ বৰুৱাই কৃষ্ণ গোস্বামীৰ আনখন প্ৰৱন্ধগ্ৰন্থ “বিচ্ছুৰিত অনুভৱ” আনুষ্ঠানিকভাৱে উন্মোচন কৰে।

সভাখনত প্ৰাক্তন মন্ত্ৰী তথা বি.কে.বি. মহাবিদ্যালয়ৰ অধ্যাপক গিৰীন্দ্ৰ কুমাৰ বৰুৱা আৰু বি.কে.বি. মহাবিদ্যালয়ৰ অধ্যক্ষ নৃপেন দাস নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকি অসমীয়া ভাষা সাহিত্যৰ বিভিন্ন দিশ সামৰি সাৰগৰ্ভ ভাষণ প্ৰদান কৰে.

সমজুৱাৰ ফালৰ পৰা ভাষণ প্ৰদান কৰে কৰৈয়নী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা ৰিন্টু দাস আৰু নগাঁও জিলা সাহিত্য সভাৰ উপ সভাপতি ঠগীত মহন্তই।

উল্লেখ্য যে, পুৰণিগুদাম শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি আছিল পুৰণিগুদামস্থিত লেটুগ্ৰাম সত্ৰৰ দৰে এক সাংস্কৃতিক পৰিৱেশত আৰু সংস্কৃতিবান পৰিয়ালত জন্ম লাভ কৰা সাহিত্যিক কৃষ্ণ গোস্বামী।

সম্প্ৰতি বাপুজী ভৱন আৰু পুথিভঁৰালৰ উপ সভাপতিৰ দৰে দায়িত্ব পালন কৰাৰ লগতে অঞ্চলৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত শিক্ষাবিদ গৰাকীয়ে বিগত সময়ত বিভিন্ন কাকত-আলোচনীত প্ৰকাশ পোৱা স্বৰচিত প্ৰৱন্ধ আৰু কবিতা সমূহক ৰাইজৰ মাজলৈ গ্ৰন্থৰূপত দাঙি ধৰি অসমীয়া সাহিত্যলৈ বৰঙণি আগবঢ়োৱা পৰিলক্ষিত হৈছে৷

গাম্ভীৰ্য্য পূৰ্ণ সভাখনৰ ভাষণৰ মাজে মাজে দাৰ্বি গায়ন, নন্দিতা মহন্ত আৰু জোতিৰ্ময় শইকীয়াই পৰিৱেশন কৰা কেইবাটিও কালজয়ী গীতে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে।

আনহাতে, পুৰণিগুদাম সঙ্গীত বিদ্যালয়ৰ অধ্যক্ষ কুলপ্ৰদীপ দাসৰ পৰিচালনা আৰু স্থানীয় শিল্পী ৰঞ্জন বৰা, পবিত্ৰ বৰা আৰু জিতেন্দ্ৰ বৰাৰ সহযোগত বহু কেইগৰাকী শিল্পীয়ে পৰিবেশন কৰা কেইবাটাও গীতে উপস্থিত সমূহ শ্ৰোতা-দৰ্শকক মন্ত্ৰমুগ্ধ কৰি ৰাখিবলৈ সমৰ্থ হোৱা দেখা যায়।