NORTHEAST NOW (Assamese)
জীৱনশৈলী

এতিয়াই ত্যাগ কৰক ধূমপানৰ অভ্যাসঃ হাওঁফাওঁৱেই নহয়, মগজুতো কৰে বিস্তৰ ক্ষতি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 18, 2024 4:55 pm
smoking

ধূমপান স্বাস্থ্যৰ বাবে ক্ষতিকাৰক, ইয়াৰ ফলত কেন্সাৰ হয় – আমি প্ৰায়ে এনে বিজ্ঞাপন দেখিবলৈ পাওঁ। কিন্তু আমাৰ বহুতেই হয়তো নাজানে ধূমপানে মগজুত কি বেয়া প্ৰভাৱ পেলায়। ধূমপানৰ বহু পাৰ্শ্বক্ৰিয়াও আছে। 

ধূমপান কেৱল হাওঁফাওঁৰ বাবেই নহয়, মগজুৰ বাবেও বিপদজনক। শেহতীয়াকৈ গৱেষণসকল প্ৰকাশ কৰিছে এই তথ্য। শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে ধূমপান কৰিলে মগজুৰ আকাৰ সৰু হোৱাৰ প্ৰৱণতা থাকে। ধূমপানৰ বাবে বহু লোকে উশাহ-নিশাহৰ সমস্যাত ভুগিছে।

আকৌ ধূমপানৰ বাবে হাওঁফাওঁত বিভিন্ন সমস্যাৰ সৃষ্টি হয়। আনকি বহুতৰে হৃদৰোগ হয়। দৈনিক ধূমপান কৰা লোকৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা সৰ্বাধিক। ধূমপান কৰা ব্যক্তিয়ে ধুমপান ত্যাগ কৰিলেও ধূমপানৰ ফলত হোৱা ক্ষতিৰ পৰা আপুনি সহজে মুক্তি পাব নোৱাৰে।

গৱেষকসকলে কয়, বহু লোকে জেনেটিক্সৰ বাবে বা আনক দেখি বাবে ধূমপান কৰে। অধ্যয়নত দেখা গৈছে যে এজন ব্যক্তিয়ে যিমানেই বেছি চিগাৰেট খায় সিমানেই মগজুৰ সমস্যাৰ সৃষ্টি হয়। আনকি ডিমেনচিয়া ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনাও অতি বেছি। 

ধূমপানৰ ফলত হোৱা ডিমেনচিয়া ৰোধ কৰা কেইটামান উপায় – 

দৈনিক খোজ কঢ়া বা ব্যায়াম কৰা। প্ৰতিদিনে শাৰীৰিক ক্ৰিয়া-কলাপ বজাই ৰাখিব লাগে, প্ৰতিদিনে ব্যায়াম কৰিব লাগে। নহলে বহুত খোজ কাঢ়িব। বেছি সময় বহি নাথাকিব, যাৰ ফলত ডিমেনচিয়া হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

মানসিক চাপ হ্ৰাস কৰক, মগজুক সুস্থ কৰি ৰাখক। যিমান পাৰে দবা খেলিবলৈ চেষ্টা কৰক, ই মগজুৰ বিকাশত সহায় কৰে।