NORTHEAST NOW (Assamese)
অসম

ভেণ্ডি খোৱাৰ ফলত স্বাস্থ্যৰ উপকাৰিতাসমূহ জানি আচৰিত হ’ব আপুনি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 7, 2020 4:01 pm
162c1d8a63bf3605bcabbe1fe62f39d1

ভেণ্ডি, ইংৰাজীত যাক লেডী ফিংগাৰছ বুলি কয় ইয়াৰ কেইবাটাও স্বাস্থ্য উপকাৰী গুণ আছে।

তদুপৰি, এবিধ সুস্বাদু পাচলি হিচাপে সকলোৱে ইয়াক খাদ্য সম্ভাৰৰ এক প্ৰয়োজনীয় অংশ হিচাপে গ্ৰহণ কৰে।

দীঘলীয়া আৰু পাতল আঙুলিৰ দৰে সেউজীয়া পাচলিবিধ ডায়েবেটিছ ৰোগীৰ বাবে উপযোগী আৰু আৰু ই তেজত গ্লুক’জৰ পৰিমান নিয়ন্ত্ৰণত ৰখাত সহায় কৰে।

ভেণ্ডিয়ে লগতে ইয়াত থকা পৰ্যাপ্ত ভিটামিন চি-ৰ জৰিয়তে শৰীৰৰ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে।

ভিটামিন চি-য়ে শৰীৰৰ প্ৰতিৰোধ ব্যৱস্থাটোক সক্ৰিয় কৰি অধিক শ্বেত ৰক্ত কণিকা উৎপন্ন কৰায় যাতে ই শৰীৰৰ ভিতৰত বহুতো ৰোগ আৰু বীজানু ধ্বংস কৰিব পাৰে।

ভেণ্ডিয়ে কলেষ্টৰেল লেভেল হ্ৰাস কৰে তথা দ্ৰৱণীয় ফাইবাৰৰ উপস্থিতিৰ ফলত হোৱা কৌষ্ঠকাঠিন্যৰ পৰা সকাহ দিয়ে।

ভেণ্ডি ছালৰ বাবেও উপযোগী কিয়নো ইয়াত থকা কেৰ’টেনইয়দছে দাগ গুচোৱাত সহায় কৰাৰ লগতে ছালৰ বিকাশ তথা ছালৰ কোষসমূহক উজ্জীৱিত কৰি তোলাতো সহায় কৰে।