NORTHEAST NOW (Assamese)
দেশ

কভিডৰ নতুন ৰূপ :  আকৌ ল’ব লাগিব নেকি ভেকচিন? জেএন.১ৰ বিষয়ে কি ক’লে পেনেলৰ মুৰব্বীয়ে 

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 24, 2023 6:30 pm

কভিডৰ নতুন ৰূপক লৈ সকলােৰে মনত এক উদ্বেগৰ সৃষ্টি হৈছে। লগতে সকলােৰে মনত এটা প্ৰশ্নৰ উদয় হৈছে। 

পুনৰ টিকাকৰণ কৰিব লাগিব নেকি? পুনৰ আৰম্ভ হ’ব নেকি covid vaccination ৰ হুলস্থুল? 

দেওবাৰে সেই প্ৰশ্নৰ উত্তৰ দিলে দেশৰ কভিড পেনেলৰ মুৰব্বীগৰাকীয়ে। 

ইণ্ডিয়া-ছাৰ্ছ-ক’ভি২ জিন’মিক ​​কনচৰ্টিয়ামৰ মুৰব্বী এন কে অৰোৰাই এই বিষয়ে বুজাই দিয়ে।

অৰোৰাই কয়, এই মুহূৰ্তত Covid JN.1 ৰ নতুন ভিন্নতাৰ বাবে পৃথক ভেকচিনৰ প্ৰয়োজন নাই। কিন্তু সকলোৱে সাৱধান হোৱা উচিত।

তেওঁ কয় যে ৬০ বছৰৰ ওপৰৰ লোকসকল এই ভাইৰাছৰ পৰা সাৱধান হ’ব লাগে। কিন্তু বৰ্তমান এই নতুন ভাইৰাছৰ বাবে পৃথক ভেকচিনৰ প্ৰয়োজন নাই।

কেৱল JN.1 নহয়, অৰোৰাই কয় যে Omicron ৰো বহু ভিন্নতা পোৱা গৈছে। এই ধৰণৰ ভাইৰাচৰক বাবে চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজন নাই। এই উপপ্ৰকাৰৰ ৰোগী দুদিনৰ পৰা পাঁচ দিনৰ ভিতৰত সুস্থ হৈ উঠে। জ্বৰ, কাহ, চৰ্দিৰ উপৰিও ৰোগীৰ ডায়েৰিয়া আৰু হাত-ভৰি বিষৰ দৰে লক্ষণ দেখা যায়।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ পৰিসংখ্যা অনুসৰি যোৱা ২৪ ঘন্টাত ৩২২ জন লোক কৰ’ণাত আক্ৰান্ত হৈছে। কৰ’ণাত আক্ৰান্ত হৈ এজন লোকৰ মৃত্যু। 

শনিবাৰৰ তুলনাত দেওবাৰে নতুনকৈ ক’ৰোনা ৰোগীৰ সংখ্যা সামান্য হ্ৰাস পাইছে। শনিবাৰে দেশত মুঠ ৭৫২ জন লোক আক্ৰান্ত হৈছিল।