NORTHEAST NOW (Assamese)
অসম

এতিয়াৰে পৰা ১০ টা ভাষাত ভাৰতীয় লোক সকলে ব্যৱহাৰ কৰিব পাৰিব গুগল মেপ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ January 27, 2021 12:48 pm

গুগল মেপ ব্যৱহাৰ কৰা ভাৰতীয় স্মাৰ্টফোন ব্যৱহাৰকাৰী সকলে বৰ্তমানৰ পৰা ১০ টা ভাষাত গুগল মেপ ব্যৱহাৰ কৰিব পাৰিব।

যেতিয়া গুগল মেপ মাত্ৰ ইংৰাজী ভাষাতহে উপলব্ধ আছিল তেতিয়া বহু ইৰাংজী নজনা লোকে সমস্যাৰ সন্মুখিন হ’বলগীয়া হৈছিল।

বিভিন্ন ক্ষেত্ৰত ইয়াৰ অনুবাদ সঠিক নোহোৱা বাবেও ব্যৱহাৰকাৰী সকলে অসুবিধাত পৰিছিল।

এই সমস্যা সমাধান কৰাৰ বাবে গুগলে ১০ টা ভাষাত ভাৰতীয় সকলৰ কাৰণে গুগল মেপ চোৱাৰ সুবিধা কৰে।

এই দহটা ভাষা হ’ল ক্ৰমে- হিন্দী, বাংলা, মাৰাথী, তেলেগু, তামিল, গুজৰাটী, কানাড়া, মালায়লম, পাঞ্জাৱী আৰু ওড়িশা।

এতিয়াৰে পৰা ইৰাংজী নজনা লোক সকলেও গুগল মেপ ব্যৱহাৰ কৰি বিভিন্ন স্থানত উপস্থিত হ’ব পাৰিব।

গুগলে এই সুবিধাৰ দ্বাৰা ভাৰতৰ লাখ লাখ লোক উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰিছে।