NORTHEAST NOW (Assamese)
দেশ

বিশ্ববিদ্যালয়ত ভাষণ দি থকাৰ সময়তে হৃদৰোগত মৃত্যু আই আই টি কানপুৰৰ জ্যেষ্ঠ অধ্যাপকৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 24, 2023 5:24 pm
IIT Kanpur professor dies of cardiac arrest

বিশ্ববিদ্যালয়ত ভাষণ দি থকাৰ সময়তে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ পৰাত শুকুৰবাৰে মৰ্মান্তিকভাৱে মৃত্যুক সাবটি লয় আই আই টি কানপুৰৰ এগৰাকী জ্যেষ্ঠ অধ্যাপকে।

আই আই টি কানপুৰ প্ৰেক্ষাগৃহত প্ৰাক্তন ছাত্ৰ সন্মিলনৰ অনুষ্ঠানত ভাষণ দি আছিল সমীৰ খাণ্ডেকাৰ নামৰ অধ্যাপকগৰাকীয়ে।

লক্ষণীয়ভাৱে খাণ্ডেকাৰে এই ঘটনাৰ সময়ত নিজ বক্তব্যত সুস্বাস্থ্য বজাই ৰখাৰ উপায়ৰ বিষয়ে কৈ আছিল। ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি তেওঁৰ অন্তিম বাক্য আছিল, “স্বাস্থ্যৰ যত্ন লোৱা।”

এই মন্তব্য কৰাৰ সময়তে খাণ্ডেকাৰে হঠাৎ অস্বস্তি অনুভৱ কৰে আৰু বুকুত কিছু বিষ অনুভৱ কৰে। পিছে ছাত্ৰ-ছাত্ৰী তথা আন লোকসকলে এই বিষয়ে বিশেষ নাভাৱি তেওঁ আৱেগিক হৈ পৰা বুলিহে ভাৱে।

কিন্তু কিছু সময়ৰ পাছতে অধ্যাপকজন ঘামি উঠি মঞ্চত ঢলি পৰে। আকস্মিক এই ঘটনাত হুৱাদুৱা লাগে প্ৰেক্ষাগৃহত। খাণ্ডেকাৰক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও তেওঁক মৃত ঘোষণা কৰা হয়।

চিকিৎসকসকলে তেওঁৰ হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ বাবেই এইদৰে আকস্মিক মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰিছে।

অৱশ্যে মৰণোত্তৰ পৰীক্ষাৰ পিছতহে এই বিষয়ে নিশ্চিত হ’ব বুলি তেওঁ লগতে কয়।

উল্লেখ্য যে, কলেষ্টেৰল ৰোগত আক্ৰান্ত খাণ্ডেকাৰে ২০১৯ চনৰ পৰা কলেষ্টেৰল ৰোগত আক্ৰান্ত খাণ্ডেকাৰে অবিৰতভাৱে ঔষধ সেৱন কৰি আছিল।

মৃত্যুৰ সময়ত তেওঁ পিতৃ-মাতৃ, পত্নী আৰু পুত্ৰক এৰি থৈ যায়।