NORTHEAST NOW (Assamese)
অসম

হাউলীত লেখক প্রদীপ কুমাৰ দাসৰ একেলগে ৫খন গ্ৰন্থ উন্মোচন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 15, 2020 8:12 am
WhatsApp Image 2020-12-14 at 3.46.09 PM

সৃষ্টি প্ৰকাশনে প্ৰকাশ কৰি উলিওৱা লেখক প্ৰদীপ কুমাৰ দাসৰ ৫খন গ্ৰন্থ অলপতে হাউলী সাহিত্য সভা ভৱনত উন্মোচন কৰা হয়।

লেখক প্ৰদীপ কুমাৰ দাসে ৰচনা কৰা গ্ৰন্থ পাঁচখন হৈছে ক্ৰমে ‘আদৰ্শ অসমীয়া ব্যাকৰণ আৰু ৰচনা’,’ডাকৰ বচন’, ‘মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ’,’শুধৰণি’ আৰু ‘ধ্বনি’।

এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থকেইখন উন্মোচন কৰে বিশিষ্ট ব্যক্তি ৰঞ্জন ৰায় চৌধুৰী, গোবিন্দ তালুকদাৰ, নৃপেন্দ্ৰ পূজাৰী, লীলীধৰ দাস, ৰনজিৎ কুমাৰ দাস, ড০ হেমন্ত ডেকা, অধীৰ কুমাৰ চক্ৰৱৰ্তী আৰু ড০ দেৱান নজৰুল কাদিৰ।

বিশিষ্ট ব্যক্তিকেইগৰাকীয়ে একেদিনাই পাঁচখনকৈ গ্ৰন্থ পাঠকক উপহাৰ দিয়া কবি, সুলেখক প্ৰদীপ কুমাৰ দাসৰ প্ৰচেষ্টাৰ শলাগ লয় আৰু তেওঁৰ সৃষ্টিৰাজিৰ প্ৰশংসা কৰে।

গ্ৰন্থকেইখনৰ লেখক প্ৰদীপ কুমাৰ দাস হাউলী হাইস্কুল শিক্ষক আৰু তেওঁ অসম সাহিত্য সভাৰ সৈতেও ঘনিষ্ঠভাৱে জড়িত।

আনহাতে, এই অনুষ্ঠানতে ঐশানু নামৰ এখন ই-আলোচনীও উন্মোচন কৰা হয়। ই-আলোচনীখন উন্মোচন কৰে কবি-সাংবাদিক কুমাৰ মীন দাসে।