NORTHEAST NOW (Assamese)
অসম

কৰ’নাভাইৰাছ: শাসক-বিৰোধীক একেলগে প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ আহ্বান মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া March 24, 2020 6:29 pm
Himanta Biswa Sarma

সমগ্ৰ বিশ্বতে সংহাৰী ৰূপ ধাৰণ কৰা কৰ’নাভাইৰাছৰ বিৰুদ্ধে শাসক-বিৰোধী সকলোকে একেলগে যুঁজ দিবলৈ আহ্বান জনাইছে হিমন্ত বিশ্ব শৰ্মাই।

২০২০-২১ বৰ্ষৰ বাজেট গ্ৰহণৰ দিনটোতে কৰ’নাভাইৰাছৰ ত্ৰাসক কেন্দ্ৰ কৰি দিয়া ভাষণ প্ৰসংগত এই আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে।

“দুৰ্দিনৰ দিনৰ দৰে সংকট এটা আমাৰ হাতত আছে। বিৰোধী-শাসক সকলো মত-পাৰ্থক্য দূৰ কৰি সকলোৱে মিলি এই প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব,” মন্ত্ৰী শৰ্মাই কয়।

কৰ’নাভাইৰাছে সৃষ্টি কৰা পৰিৱেশৰ অনিশ্চয়তাৰ বিষয়েও মন্ত্ৰী শৰ্মাই উল্লেখ কৰে।

“কাৰণ আজি যিটো পৰিৱেশ মোকাবিলা কৰিছো অহা ১ মাহত কি পৰিৱেশ দেখা পাম আমি নিজেই নাজানো। আজি লকডাউন কৰা হৈছে, লকডাউন নামানিলে কাৰ্ফিউ দিব লগা হ’ব পাৰে,” তেওঁ কয়।

কৰ’নাভাইৰাছে সৃষ্টি কৰা পৰিৱেশলৈ আঙুলিয়াই শৰ্মাই কয় এই পৰিৱেশত আগুৱাই গৈ থাকিলে ভঙা মথাউৰিবিলাক কোনে বন্ধ কৰিব?

“মথাউৰি বন্ধ নকৰিলে পানী সোমাই বানপানী হ’ব। যদি লকডাউন, কাৰ্ফিউ এটা পৰ্য্যায়লৈকে দিওঁ ৰাইজক চাউল-দালি কোনে যোগান ধৰিব? দৈনিক হাজিৰা কৰা মানুহবোৰৰ কি অৱস্থা হ’ব? এটা সাংঘাটিক সংকটপূৰ্ণ দিনত আমি আহি উপনীত হৈছো,” তেওঁ কয়।

কৰ’নাভাইৰাছে সৃষ্টি কৰা পৰিৱেশৰ বাবে এইবাৰ বিহু নহ’ব বুলি মন্তব্য কৰি শিল্পী, কলা-কুশলী আৰু পৰ্য্যটনৰ লগত জৰিত লোকসকলৰ কথাও তেওঁ উল্লেখ কৰে।

“বিহু নোহোৱাৰ লগে লগে শিল্পী কলা-কুশলীসকলৰ গোটেই বছৰটো প্ৰশ্ন হৈ ৰ’ব। কাজিৰঙাৰ পৰ্য্যটন ক্ষেত্ৰ সম্পূৰ্ণৰূপে বন্ধ হৈ গ’ল। পৰ্য্যটনৰ লগত জৰিত সকলৰ সাংঘাটিক দুখ আৰু কষ্ট হৈছে। তেওঁলোকক কি ধৰণে অনুকম্পা দিব পাৰি আমি নাজানো,” তেওঁ কয়।

কৰ’নাভাইৰাছৰ পৰিপ্ৰেক্ষিতত বাজেট বা সমগ্ৰ অৰ্থনৈতিক ব্যৱস্থাটোলৈ আহিব পৰা সংকট সম্পৰ্কেও মন্ত্ৰী শৰ্মাই উল্লেখ কৰে।

“বিজ্ঞানে ঔষধ বা ভেক্সিন উলিয়াব নোৱাৰিলে আমি কি পৰ্য্যায়লৈ সোমাম সেইটো আমি নিজেও নাজানো। বাজেটখন বাজেট হৈ থাকিব নে বাজেটখনৰ গোটেই চৰিত্ৰটোৱে বদলি হৈ যাব তাৰ বিষয়েও আমি নাজানো,” তেওঁ কয়।

“ভগৱানক প্ৰাৰ্থনা কৰিব পাৰো যে এই সমস্যা ১০-১৫ দিনৰ ভিতৰত আঁতৰি যাব। বিধায়ক পুঁজি অহা বছৰ পাব নে নাই আমি কোনেও নাজানো। এতিয়া টেক্সো লগাব পৰা নহ’ব, মানুহৰ হাতত টেক্স দিবলৈ পইচা নোহোৱা হৈ গ’ল। গাড়ীত পেট্ৰ’ল ভৰোৱা বন্ধ হৈ যাব জনতাৰ কাৰ্ফিউ অহাৰ লগে লগে। ভাৰত চৰকাৰে কি সহায় কৰিব পাৰিব আমিও নাজানো। ভাৰত চৰকাৰৰো একেই অৱস্থা কিয়নো তেওঁলোকেও কৰ সংগ্ৰহ কৰিব নোৱাৰিব।”

ইপিনে, কৰ’নাই অসমত সমস্যাৰ সৃষ্টি কৰিলে অটল অমৃত যোজনাৰ অধীনত ব্যক্তিগত চিকিৎসালয়সমূহলৈ অধিক ৰোগী প্রেৰণ কৰা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

তেওঁ আৰু কয়, “এই কাৰ্ডৰ অধীনত পূৰ্বৰ ৫টা বেমাৰৰ পৰিৱৰ্তে সকলো ৰোগ সামৰি লোৱা হ’ব। কৰ’নাৰ বাবে অসমত ২০ হাজাৰ আইছ’লেচন বেডৰ সৃষ্টি কৰা হ’ব। GMCHৰ চকু ৰোগ চিকিৎসালয়খন কৰ’না হাস্পতাললৈ ৰূপান্তৰ কৰা হ’ব।”

সমগ্ৰ দেশতে কৰ’নাভাইৰাছত আক্ৰান্তৰ সংখ্যা মঙলবাৰ দিনটোত পাঁচশ পাৰ হৈছে।

অসমত এতিয়ালৈকে কোনো কৰ’নাভাইৰাছ আক্ৰান্ত চিনাক্ত হোৱা নাই যদিও মণিপুৰত উত্তৰ-পূবৰ প্ৰথমগৰাকী ৰোগী চিনাক্ত হৈছে।