NORTHEAST NOW (Assamese)
Popular Stories

বহু চিকিৎসাকৰ্মীক ভাৰাঘৰ খালী কৰাৰ নিৰ্দেশ দেশৰ ভিন্ন প্ৰান্তত; অমিত শ্বাহলৈ পত্ৰযোগে অভিযোগ চিকিৎসাকৰ্মীৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ March 24, 2020 6:10 pm
corona

সমগ্ৰ ভাৰতবৰ্ষত বৰ্তমান সময়ত ক’ৰ’না ভাইৰাছে ভয়াবহ ৰূপ ধাৰণ কৰা পৰিলক্ষিত কৰা হৈছে।

ক’ৰ’না ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ক্ৰমাৎ ভাৰতবৰ্ষত বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে।

দেশৰ চিকিৎসক তথা চিকিৎসা কৰ্মীসকলে বৰ্তমান সময়ত ক’ৰ’না ভাইৰাছত আক্ৰান্ত লোক সকলৰ পৰিচৰ্য্যাত ব্ৰতী হৈ আছে।

এই সময়ত চিকিৎসা কৰ্মীসকলে যথেষ্ট অসুবিধাৰ সন্মুখিন হ’বলগীয়া হৈছে।

দিল্লীৰ এইমছত কৰ্মৰত চিকিৎসক আৰু নাৰ্চ সকলক বহু ভাৰাঘৰৰ মালিকে ঘৰ খালী কৰাৰ নিৰ্দেশ দিছে।

চিকিৎসক সকলে দেশৰ গৃহ মন্ত্ৰী অমিত শ্বাহক এই সম্বন্ধে এখন পত্ৰ লিখি তেওঁলোকৰ অভিযোগ দাখিল কৰিছে।

পত্ৰখনত চিকিৎসক সকলে ক’ৰ’না ভাইৰাছৰ ৰোগী সকলৰ চিকিৎসাত ব্ৰতী হৈ থকাৰ বাবেই তেওঁলোকক ভাৰাঘৰৰ মালিকে ঘৰ খালী কৰাৰ নিৰ্দেশ দিছে বুলি উল্লেখ কৰিছে।

আজি দিল্লীৰ মুখ্য মন্ত্ৰী অৰবিন্দ কেজৰিৱালেও সংবাদমেল সম্বোধন কৰি এনেধৰণৰ কাৰ্য্যক অমানবীয় আখ্যা দি শীঘ্ৰেই এনেধৰণৰ মালিকগোষ্ঠীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি কয়।