NORTHEAST NOW (Assamese)
অসম

চৈয়দ মুস্তাক আলীৰ নিজ ৰাজ্যৰ সম্ভাৱনীয় দলত স্থান লাভ যুৱৰাজ সিং আৰু শ্ৰীশান্তৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 15, 2020 6:51 pm

ঘৰুৱ ক্ৰিকেট খেলাৰ বাবে নিজৰ অৱসৰৰ সিদ্ধান্ত পৰিহাৰ কৰা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন তাৰকা অলৰাউণ্ডাৰ যুৱৰাজ সিঙৰ নাম চৈয়দ মুস্তাক আলী টি-২০ প্ৰতিযোগিতাৰ বাবে নিজৰ ৰাজ্যৰ তালিকাত অন্তৰ্ভূক্ত হোৱাৰ সম্ভাৱনা আছে।

পঞ্জাৱৰ ৩০ জনীয় সম্ভাৱনীয় দলত যুৱৰাজ সিঙৰ নাম অন্তৰ্ভূক্ত হৈছে।

২০০১ বিশ্বকাপ আৰু টি-২০ বিশ্বকাপত ভাৰতীয় দলক বিজয়ী কৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা যুৱৰাজ সিঙে বিগত জুন মাহত সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ সিদ্ধান্তৰ কথা ঘোষমা কৰিছিল।

পৰৱৰ্তী সময়ত যুৱৰাজে এই সিদ্ধান্ত সলনি কৰি তেওঁ ঘৰুৱা ক্ৰিকেট খেলাৰ বাবে ইচ্ছা প্ৰকাশ কৰে।

৩৯ বছৰীয়া বাওহতীয়া বেটছমেন গৰাকীয়ে পঞ্জাৱ ক্ৰিকেট এছ’চিয়েশ্যনৰ মোহালিত থকা ষ্টেডিয়ামত ইতিমধ্যে বেটিং অনুশীলন কৰাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত আপলোড কৰিছে।

আনহাতে, দীৰ্ঘদিনৰ বিৰতিৰ অন্তত ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন বেগী বলাৰ এছ শ্ৰীশান্তৰো প্ৰতিযোগিতামূলক ক্ৰিকেটৰ মাজলৈ উভতি অহাৰ দুৱাৰ মুকলি হৈছে।

চৈয়দ মুস্তাক আলী টি-২০ ট্ৰফীৰ বাবে কেৰালাই ঘোষণা কৰা সম্ভাৱনীয় ২৬ জনীয়া দলটোত শ্ৰীশান্তে স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

আই পি এলত স্পট ফিক্সিঙৰ অভিযোগত বিচিচিআইয়ে শ্ৰীশান্তক দীৰ্ঘ সময়ৰ বাবে নিষিদ্ধ কৰিছিল।

শ্ৰীশান্তৰ উপৰিও সঞ্জু সেমছন, শচীন বেবী, জলজ চাক্সেনা, ৰবীন উত্থাপা আৰু বেচিল থাম্পিও কেৰালা দলত স্থান লাভ কৰিছে।