NORTHEAST NOW (Assamese)
Popular Stories

বাছ-ট্রাকৰ ভয়ংকৰ মুখামুখি সংঘর্ষ : নিহত ৮ জন, আহত ২১ জন

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 17, 2020 7:41 am
index.jpgh

এক ভয়ংকৰ বাছ আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত নিহত হৈছে ৮ জনকৈ লোকৰ।

আনহাতে সংঘৰ্ষটোত আহত হৈছে অতি কমেও ২১ জ লোক।

বুধবাৰে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ মুৰাদাবাদৰ ধানাৰী আৰক্ষী থানাৰ অন্তৰ্গত ৰাষ্ট্ৰীয় ঘাইপথত।

ঘটনাৰ বিৱৰণীৰ মতে ৰন্ধন গেছৰ চিলিণ্ডাৰ ভৰ্তি এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই এখন চলন্ত বাছত খুন্দা মৰাৰ ফলতে উক্ত ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

“ৰন্ধন গেছ চিলিণ্ডাৰ ভৰ্তি এখন ট্ৰাকে এখন বাছত খুন্দা মৰাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হয়। দুৰ্ঘটনাটোত ৮ লোক নিহত হোৱাৰ লগতে ২১ লোক আহত হৈছে। আহত সকলোকে চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। মৃতদেহবোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।” মুৰাদাবাদৰ আই জি ৰমিত শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়।

উল্লেখ্য যে প্ৰথমাৱস্থাত জিলাখনৰ আৰক্ষী অধীক্ষক চাক্ৰেশ মিশ্ৰই কৈছিল যে দুৰ্ঘটনাটোত ২৫ জনৰো অধিক লোক আহত হৈছে।

অৱশ্যে দুৰ্ঘটাস্থিলত আৰক্ষীৰ লোক উপস্থিত হৈ জিলাৰ প্ৰশাসনৰ সৈতে দুৰ্ঘটনাটোত আৱদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰাৰ পিছত ২১ লোক আহত হোৱা বুলি নিশ্চিত কৰিছে আৰক্ষীয়ে।

ইফালে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো নিহতসকলৰ প্ৰতি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শোক প্ৰকাশ কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে।