NORTHEAST NOW (Assamese)
Popular Stories

‘ক্ৰূৰ কেন্দ্ৰীয় চৰকাৰ’ : কৃষক আন্দোলনৰ সমৰ্থনত চিঙ্ঘু সীমান্তত আত্মহত্যা এজন ধৰ্মীয় নেতাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 17, 2020 10:55 am
farmersprotests

যোৱা ২৬ নৱেম্বৰৰ পৰা আৰম্ভ হোৱা কৃষক আন্দোলনৰ প্ৰাবল্য এতিয়াও স্তিমিত হোৱা নাই। বৰং ন ন স্তৰলৈ গতি কৰিছে এই নিৰন্তৰ কৃষক আন্দোলনে।

হাজাৰ হাজাৰ কৃষকে হাৰিয়ানা-দিল্লী সীমান্তৰ চিঙ্ঘু সীমান্তত কেন্দ্ৰীয় চৰকাৰে শেহতীয়াকৈ প্ৰণয়ন কৰা তিনিখন কৃষি আইনৰ বাতিলৰ দাবীত আন্দোলন অব্যাহত ৰখা সময়তে সংঘটিত হৈছে অন্য এক হৃদয় বিদাৰক ঘটনা।

কৃষক বিদ্ৰোহৰ সমৰ্থনত আৰু কেন্দ্ৰীয় চৰকাৰৰ হঠকাৰিতাক বিৰোধ কৰি এজন শিখ ধৰ্মীয় নেতাই আত্মহত্যা কৰিছে চিঙ্ঘু সীমান্তত।

কেন্দ্ৰ চৰকাৰৰ ক্ৰূৰতা উদঘাটন কৰিবলৈ ৬৫ বছৰীয়া বাবা ৰাম সিং নামৰ শিখ ধৰ্মীয় নেতাজনে আত্মহত্যাৰ পথ বাছি লোৱা বুলি জানিব পৰা গৈছে।

হাৰিয়ানাৰ কাৰ্ণল জিলাৰ চিঙ্ঘ্ৰা গাঁৱৰ নিৱাসী ধৰ্মীয় নেতাজনে কৃষক বিদ্ৰোহত অংশ ল’বলৈ বুধবাৰে আহি চিঙ্ঘু সীমান্তৰ বিদ্ৰোহী কৃষকসকলৰ সৈতে চামিল হৈছিল।

বিদ্ৰোহী কৃষক সমদলত যোগ দিয়াৰ পূৰ্বে ধৰ্মীয় নেতাজনে ঘৰত এটা আত্মহত্যাৰ টোকা লিখি থৈ আহিছিল।

“কৃষকসকলে অতি কষ্ট আছে। তেওঁলোকে পথৰ ওপৰত দিন ৰাতি একাকাৰ কৰি বিদ্ৰোহ কৰি আহিছে। চৰকাৰে তেওঁলোকক ন্যায় দিয়া নাই, ক্ৰূৰতাহে প্ৰদৰ্শন কৰি আহিছে। এইদৰো অপযশ সহ্য কৰাতো পাপ। বহুতে তেওঁলোকৰ বঁটাসমূহ চৰকাৰক ঘূৰাই দি আন্দোলনত অংশ লৈছে। সেয়ে মই নিজকে এই আন্দোলনৰ বাবে উছৰ্গা কৰিছো।” বাবা ৰাম সিঙে নিজৰ আত্মহত্যাৰ টোকাত এইদৰে লিখিছে।

ইফালে ধৰ্মীয় নেতাজনে কৃষক বিদ্ৰোহৰ প্ৰতি সমৰ্থন জনায় নিজকে গুলীয়াই আত্মহত্যা কৰা বুলি নিশ্চিতি প্ৰদান কৰিছে সেনাপত আৰক্ষী অধীক্ষকে।