NORTHEAST NOW (Assamese)
অসম

আই চি এম আৰৰ অধ্যক্ষ বলৰাম ভাৰ্গৱ কোভিড প’জিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 19, 2020 8:01 am

ভাৰতীয় চিকিৎসা গৱেষণা সংস্থাৰ অধ্যক্ষ বলৰাম ভাৰ্গৱৰ শৰীৰত কোভিড-১৯ৰ উপস্থিতি ধৰা পৰিছে।

কোভিড প’জিটিভ হোৱাৰ পাছতে বলৰাম ভাৰ্গৱক নতুন দিল্লীৰ ইণ্ডিয়ান ইষ্টিটিউট অফ মেডিকেল চায়েঞ্চৰ ট্ৰ’মা চেণ্টাৰত চিকিৎসাৰ বাবে ভৰ্তি কৰোৱা হয়।

জানিব পৰা মতে, বলৰাম ভাৰ্গৱ সাত-আঠদিন পূৰ্বে কোভিডৰ দ্বাৰা সংক্ৰমিত হৈছিল আৰু হোম আইছ’লেশ্যনত আছিল।

১৫ ডিচেম্বৰত তেওঁৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটাত দিল্লী এইমছত ভৰ্তি কৰোৱা হয়।

বৰ্তমান সয়মত জেষ্ঠ চিকিৎসক গৰাকীৰ স্বাস্থ্য স্বাভাৱিক হৈ আছে বুলি এইমছৰ চিকিৎসকে জানিবলৈ দিছে।

উল্লেখযোগ্য যে, ভাৰতত কোভিডৰ সংক্ৰমণ আৰম্ভ হোৱাৰ পাছৰে পৰা বলৰাম ভাৰ্গৱে দেশত ইয়াক নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰত নীতি নিৰ্ধাৰণৰ কামত নিয়োজিত হৈ আছিল।

আই চি এম আৰৰ হৈ সংবাদ মাধ্যমক সাক্ষাৎ কৰাৰ সময়ত প্ৰায়ে ভাৰ্গৱক দেখা গৈছিল।

আজি উত্তৰাখণ্ডৰ মুখ্য মন্ত্ৰী ত্ৰিবেন্দ্ৰ সিং ৰাৱাটো কোভিড প’জিটিভ হয়।

কোভিড প’জিটিভ মুখ্য মন্ত্ৰী গৰাকীক বৰ্তমান হোম আইছ’লেশ্যনত ৰখা হৈছে।