NORTHEAST NOW (Assamese)
অসম

নিবনুৱালৈ চাকৰি! আছুৱে মুকলি কৰিলে ব্যক্তিগত নিয়োগ বিনিময় কেন্দ্ৰ

Posted by: স্মিতা ভট্টাচাৰ্য্য Updated by: স্মিতা ভট্টাচাৰ্য্য December 19, 2020 7:47 am
IMG-20201218-WA0079-1140x570

সদৌ অসম ছাত্ৰ সন্থা (আছু)ৰ সভাপতি দীপাংক কুমাৰ নাথে শুকুৰবাৰে যোৰহাটত এটা ব্যক্তিগত নিয়োগ বিনিময় কেন্দ্ৰ মুকলি কৰে।

যোৰহাট জিলা আছুৱে ইয়াৰ ভগ্নী সংগঠন অসম সেনাৰ সহযোগত যোৰহাটৰ ছলিচিটৰ ৰোডত এই ব্যক্তিগত নিয়োগ বিনিময় কেন্দ্ৰটো স্থাপন কৰিছে।

ব্যক্তিগত কোম্পানী তথা ফাৰ্মসমূহত স্থানীয়  যুৱকসকলক সংস্থাপন সাভত সহায় কৰাৰ বাবে এই  ব্যক্তিগত নিয়োগ বিনিময় কেন্দ্ৰটো মুকলি কৰা হৈছে।

ৰাজ্যখনত আছুৰ এইটো প্ৰথমটো এনেধৰণৰ পদক্ষেপ আৰু ইয়াক এটা স্থানীয় কাউন্সেলিং সংস্থাই সহযোগ কৰিব।

স্থানীয় যোগ্য তথা দক্ষতাসম্পন্ন যুৱকসকলক ব্যক্তিগত খণ্ডৰ সকলো শাখাৰ চাকৰিত নিয়োগত সহায় কৰাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

‘’ ব্যক্তিগত নিয়োগ বিনিময় কেন্দ্ৰটো এই বিষয়ত অভিজ্ঞতাসম্পন্ন ব্যক্তিৰ দ্বাৰা প্লেচমেন্ট –কাউন্সেলিং চেন্টাৰৰ দৰে বৃত্তিগত ধৰণে চলোৱা হ’ব আৰু পঞ্জীয়নৰ বাবে এক ন্যুনতম ২০০টকা গ্ৰহণ কৰা হ’ব,’’- আছুৰ যোৰহাট শাখাই এইদৰে কয়।

সংস্থাটোৱে এই কেন্দ্ৰৰ যোগে চাকৰি পোৱা যুৱকসকলৰ পৰা প্ৰথম মাহৰ দৰমহাৰ পৰা ২০০০টকা লাভ কৰিব বুলি আশা কৰিছে। চাকৰি পোৱাৰ পাছতহে সেই যুৱকক উক্ত ধন আদায় দিবলৈ অনুৰোধ কৰা হ’ব।

ব্যক্তিগত  প্লেচমেন্ট এজেন্সিসমূহে বৃহৎ পঞ্জীয়ন মাছুল লোৱাৰ লগতে চাকৰি পোৱাৰ পাছত কেইবামাহলৈয়ো দৰমহাৰ পৰা বৃহৎ শতাংশৰ হাৰত ধন লোৱাৰ বিপৰীতে ইয়াত সেয়া হ’ব একেবাৰে সামান্য।

ইয়াত পঞ্জীয়ন কৰা যুৱক-যুৱতীসকলক দিহা-পৰামৰ্শ আগবঢ়োৱা হ’ব যাতে তেওঁলোকৰ দক্ষতা বৃদ্ধি কৰিব পাৰি আৰু কোম্পানীসমূহে যাতে যোগ্যতাৰ অভাৱৰ বাবে স্থানীয়সকলক বঞ্চিত কৰিব নোৱাৰে।

আছুৰ সভাপতিগৰাকীয়ে কয় যে এই সন্দৰ্ভত ইতিমধ্যে কেইবাটাও ব্যক্তিগত কোম্পানী আৰু ফাৰ্মৰ সৈতে আলোচনা কৰা হৈছে আৰু শীঘ্ৰেই সংস্থাৰ সৈতে নিযুক্তিৰ বাবে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰা হ’ব।

আছুৰ সভাপতি দীপাংক কুমাৰ নাথে তেওঁৰ ভাষণত এই পদক্ষেপক প্ৰশংসা কৰি কয়,’’ স্থানীয় যুৱক-যুৱতীক সংস্থাপন দিয়াৰ বাবে নিয়োগ বিনিময় কেন্দ্ৰ খোলাৰ সিদ্ধান্তটো যোৱা মাহত দুলীয়াজানত অনুষ্ঠিত আছুৰ অধিৱেশনত লোৱা হৈছিল আৰু কম সময়ৰ ভিতৰতে নিয়োগ বিনিময় কেন্দ্ৰ আৰম্ভ কৰাটো এটা ইতিবাচক পদক্ষেপ।‘’