NORTHEAST NOW (Assamese)
অসম

বিজেপি গমনৰ প্ৰতিক্ৰিয়া; অজন্তা নেওগক কংগ্ৰেছৰ পৰা অপসাৰণ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 19, 2020 7:00 am
Ajanta Neog

জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী তথা প্ৰাক্তন মন্ত্ৰী আৰু বৰ্তমান গোলাঘাটৰ বিধায়িকা অজন্তা নেওগক গোলাঘাট জিলা কংগ্ৰেছ সভাপতি পদৰ পৰা অপসাৰণ কৰা হৈছে।

অসম প্ৰদেশ কংগ্ৰেছে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অনুমোদন মৰ্মে নেওগক তৎকালীনভাৱে অপসাৰণ কৰা বুলি কোৱা হৈছে।

বৃহস্পতিবাৰে কংগ্ৰেছ বিধায়িকাগৰাকীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে গোপনে বৈঠকত মিলিত হৈছিল।

অজন্তা নেওগে বিজেপি দলত যোগদান কৰাটো নিশ্চিত হোৱাৰ পাছতে কংগ্ৰেছৰ ফালৰ পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হৈছে।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই নেওগৰ বিজেপি গমনে দলৰ ক্ষতি কৰিব নোৱাৰে বুলি কয়।

829bf72d-e2f9-4161-907e-8a995551e451-1024x1024

তেওঁ কয় যে অজন্তা নেওগে কংগ্ৰেছক বিশ্বাসঘাতকতা কৰিছে বুলি উল্লেখ কৰি দহ গৰাকী অজন্তা নেওগ গ’লেও কংগ্ৰেছৰ ক্ষতি নহয় বুলি কয়।

অজন্তা নেওগৰে স্বামীৰ আদৰ্শ বিসৰ্জন দিছে বুলি প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে অভিযোগ কৰে।

অজন্তা নেওগৰ বিজেপি গমনৰ শেহতীয়া গতিবিধিৰ পাছতে প্ৰদেশ কংগ্ৰেছে এই শাস্তিমূলক ব্যৱস্থা হিচাপে তেওঁক কংগ্ৰেছৰ পৰা অপসাৰণ কৰে।