NORTHEAST NOW (Assamese)
অসম

বেয়া সময়ত দেশক সন্মুখৰ পৰা নেতৃত্ব দিছে প্ৰধানমন্ত্ৰী মোদীয়ে; ক’লে ৰতন টাটাই

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 20, 2020 9:47 am
Ratan tata-PM Modi

কৰ’না মহামাৰীৰ সংকটৰ সময়ত দেশক সন্মুখৰ পৰা নেতৃত্ব দিয়াত সফল হৈছে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী। এই মন্তব্য দেশৰ প্ৰসিদ্ধ উদ্যোগপতি ৰতন টাটাৰ।

এছ’চাম ফাইণ্ডেশ্যন উইক-২০২০ৰ অনুষ্ঠানত টাটা গ্ৰুপৰ চেয়াৰমেন এমেৰিটাছ ৰতন টাটাই এই মন্তব্য কৰে।

শনিবাৰে আয়োজিত এই অনুষ্ঠানত ভাৰতৰ উন্নয়নত টাটা গ্ৰুপৰ অতুলনীয় অৱদানৰ প্ৰশংসা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। তেওঁ কয় যে দেশৰ স্বাধীনতা আন্দোলনৰ পৰা আৰম্ভ কৰি বিভিন্ন উত্থান-পতনৰ সাক্ষী হৈছে টাটা গ্ৰুপ।

প্ৰধানমন্ত্ৰীৰ পৰা এছ’চাম এন্টাৰপ্ৰাইজ অফ দ্য চেঞ্চুৰি বঁটা গ্ৰহণ কৰি ৰতন টাটাই কয়,’’অসন্তুষ্টিৰ মুহূৰ্ত থাকিবই, বিৰোধিতাও থাকিব, কিন্তু কেতিয়াও আপোনাৰ নেতৃত্বক অস্বীকাৰ কৰিব পৰা নাযাব। আপুনি লকডাউন বিচাৰিছিল, সেয়া পাইছে। কেইমিনিটমান পোহৰ নুমুৱাই মহামাৰীৰ বিৰুদ্ধে যুঁজত দেশক একত্ৰিত কৰাৰ বৰ্তা দিব বিচাৰিছে, আৰু সেইটোও কৰিব পাৰিছে।‘’

টাটাই কয়, ‘’এই ঘটনা কৃত্ৰিম নহয়, দেখুৱাবলৈ নহয়। এই উদ্যোগে দেশৰ সমন্বয় ঘটাইছে। বিশ্বক দেখুৱাই দিছে যে আপোনাৰ নেতৃত্বত আমি আগবাঢ়ি সৰ্বশক্তিৰে আপুনি নিৰ্দিষ্ট কৰা লক্ষ্যত জঁপিয়াই পৰিব পাৰো।‘’

বেয়া সময়ত দেশক নেতৃত্ব দিয়াৰ বাবে প্ৰধানমন্ত্ৰীক ধন্যবাদ জনাই টাটাই কয়,’’উদ্যোগপতি হিচাপে এইবাৰ আমাৰ কৰ্তব্য আপুনি দেখুওৱা পথ অনুসৰণ কৰা তথা এই নেতৃত্বৰ সুবিধাসমূহ তুলি ধৰা যিটো আমি কৰি দেখুৱাম বুলি মই নিশ্চিত।‘’