NORTHEAST NOW (Assamese)
অসম

২০২১’ৰ বিধানসভা নিৰ্বাচনত কাৰাগাৰৰ পৰা হ’লেও নিৰ্বাচন খেলিব অখিল গগৈয়ে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 20, 2020 11:29 am
28304c47-5fc1-4d46-8801-4c392870bf47-750x375

চৰকাৰে কাৰাগাৰৰ পৰা মুক্তি দিয়ক বা নিদিয়ক ২০২১’ৰ বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব কৃষক নেতা অখিল গগৈয়ে।

কাৰাবন্দী কৃষক নেতাগৰাকীয়ে কাৰাগাৰৰ পৰাই নিৰ্বাচন খেলিবলৈ সাজু হৈছে।

শনিবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা ধৈৰ্য কোঁৱৰে এই কথা স্পষ্ট কৰিছে।

কোঁৱৰে লগতে সদৰী কৰে যে অহা ২১’ৰ বিধানসভা নিৰ্বাচনত অখিল গগৈয়ে ১০৮নং শিৱসাগৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।

বিগত কিছুদিন ধৰি অখিল গগৈয়ে আগন্তুক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব নে নাই আৰু কৰিলে কোন সমষ্টিৰ পৰা কৰিব ইত্যাদি বিষয়ে বিভিন্ন চৰ্চা চলি আহিছে। বিশেষকৈ ৰাইজৰ দল গঠনৰ পাছত অখিল গগৈৰ নেতৃত্বৰ সন্দৰ্ভত কৌতুহল অধিক বৃদ্ধি পাইছে।

ইপিনে, দেওবাৰে ৰাইজৰ দলৰ পতাকা আৰু দলটোৰ কাৰ্যালয় মুকলি কৰা হ’ব। মহানগৰীৰ জু-নাৰেংগী ৰোডৰ মঠঘৰীয়াত দলটোৰ কাৰ্যালয় মুকলি কৰা হ’ব।

বৰ্তমান কৃষক নেতাগৰাকী কাৰাগাৰত বন্দী হৈ আছে যদিও চলিত মাহতে কৃষক নেতাগৰাকী কাৰাগাৰৰ পৰা মুক্ত হোৱাৰ সম্ভাৱনা আছে।